North Lakhimpur College: নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ, ম্যানমাৰ, বাংলাদেশ, থাইলেণ্ডৰ অধ্যাপকৰ অংশগ্ৰহণ

ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি নৰ্থ(North Lakhimpur College) লখিমপুৰ কলেজ আয়োজিত হয় এক আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ৷ যোৱা ২৫ আৰু চ্ছ এপ্ৰিলত ‘ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম’ শীৰ্ষক এই আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়৷ আয়োজনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়ে৷ আলোচনা-চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত বীজ ভাষণ প্ৰদান কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰোদ বৰুৱাই৷ বৰুৱাই এনে এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা-চক্ৰ আয়োজন কৰি নৰ্থ লখিমপুৰ কলেজে এক দৃষ্টান্ত আগবঢ়াইছে বুলি কয়৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই সঞ্চালনা কৰা এই অনুষ্ঠানৰ প্ৰথম অংশৰ আঁত ধৰে ড॰ বৰ্ণালী বৰাই৷ উদ্বোধনী অনুষ্ঠানতে চামচুদ্দিন শিশিৰ প্ৰণীত ‘বাংলাদেশেৰ অসমীয়া’ আৰু শেখ মকবুল ইছলাম প্ৰণীত ‘মিচিং ফকলৰোগ্ৰাফী’কে ধৰি চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয়৷ আলোচনা-চক্ৰৰ প্ৰথম কাৰিকৰী সত্ৰত গৱেষণা-পত্ৰ উপস্থাপন কৰে ম্যানমাৰৰ মান্দালয় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড॰ নি নি এইচলিং, কলকাতাৰ ড॰ শেখ মকবুল ইছলাম, বাংলাদেশৰ ড॰ মীৰ আবু চালেহ চামচুদ্দিন, ম্যনমাৰৰ কেপ্টেইন টিন আয়ে মাউৱে৷

এই সত্ৰৰ সঞ্চালনা কৰে ড॰ চন্দ্ৰ মানচেই আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয় ভাৰপ্ৰাপ্ত সঞ্চালক ড॰ সংগীতা গগৈ৷ প্ৰথম দিনা মুঠ সাতটা সভাগৃহত সমান্তৰালভাৱে সত্ৰসমূহ অনুষ্ঠিত হয় আৰু প্ৰায় নব্বৈগৰাকী ব্যক্তিয়ে গৱেষণা-পত্ৰ পাঠ কৰে৷ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে ডিমৌ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড॰ মামণি গগৈ বৰগোহাঁই, গোগামুখ কলেজৰ অধ্যক্ষ ড॰ দিলীপ কুমাৰ ঝা, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাজ্জাদ হুছেইন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড॰ স্বাতী কিৰণ, তেজপুৰ বিশ্ববিদ্যালয়ৰ ড॰ জোতিষ্মান দাস আদিয়ে৷ দ্বিতীয় দিনা মূল ভাষণ প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈয়ে৷ তেওঁ কয় যে, ইয়াণ্ডাবু সন্ধিৰ ফলশ্ৰুতিৰ পুনৰীক্ষণৰ বাবে আয়োজিত এই আলোচনা-চক্ৰ বৰ্তমানলৈকে সংশ্লিষ্ট বিষয়ৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ অনুষ্ঠান৷ বক্তৃতা আৰু লগতে অনুষ্ঠিত সত্ৰৰ সঞ্চালনা কৰে ড॰ সংগীতা গগৈয়ে৷ দ্বিতীয় দিনাও ভালেসংখ্যক গৱেষকে গৱেষণা-পত্ৰ পাঠ কৰে৷

থাইলেণ্ডৰ চিয়াং মাও বিশ্ববিদ্যালয়ৰ ড॰ পিকডিকুল ৰতানা আৰু ড॰ ৰত্নাপৰ্ণ চেঠাকুলে ঊনবিংশ শতিকাৰ ব্ৰিটিছ ৰাজনীতি আৰু দক্ষিণ-পূব এচিয়া সম্পৰ্কত বক্তৃতা প্ৰদান কৰে৷ এই আলোচনা-চক্ৰতে নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগে কলকাতাৰ ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ সহযোগত কলকাতাত ২০২৩ত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ গৱেষণা পত্ৰসমূহৰ একত্ৰ সংকলন তিনিটা খণ্ডত প্ৰকাশ পায়৷ ভাৰত উপ-মহাদেশৰ ভক্তি সাহিত্য শীৰ্ষক উক্ত আলোচনা-চক্ৰৰ অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত প্ৰকাশিত তিনিওটা খণ্ডই সমাদৰ লাভ কৰে৷ এই গাম্ভীযপূৰ্ণ অনুষ্ঠানটো সফল কৰি তোলাৰ নেপথ্যত জড়িত সকলো ব্যক্তিকে সমন্বয়ক ড॰ অৰবিন্দ ৰাজখোৱা, ড॰ ৰাতুল কুমাৰ লাহন আৰু ড॰ চুচেংফা গগৈয়ে ধন্যবাদ জ্ঞাপন কৰে৷

Related Articles