মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন।
India’s Act East Policyৰ অধীনত অসমৰ সৈতে সম্পৰ্ক সূদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি।

অসমৰ সৈতে থকা অংশীদাৰিত্বক অধিক সুদৃঢ় কৰাৰ আলোচনা অসমত বৃদ্ধি পাব জাপানী কোম্পানীৰ বিনিয়োগ।
সামাজিক মাধ্যমত এই তথ্য সদৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে যে জাপানৰ মাননীয় ৰাষ্ট্ৰদূত কেঈচি অ’নো ডাঙৰীয়াৰ সৈতে কালি ফোনযোগে এক আন্তৰিক আৰু ফলপ্ৰসূ বাৰ্তালাপ কৰোঁ। আমাৰ এই আলোচনা কালত তেখেতে ভাৰতৰ এক্ট ইষ্ট পলিচীৰ অধীনত অসমৰ সৈতে জাপান চৰকাৰৰ চলি থকা অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ আৰু উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত আমি উমৈহতীয়াভাৱে সহমত প্ৰকাশ কৰোঁ। অনাগত দিনসমূহত অসমৰ জনসাধাৰণৰ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক নিবিড় সংযোগ আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ অসম সদায়েই আশাবাদী।

