Pahalgam Attack: সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ সময়তে পাকিস্তানৰ আশংকা

কাশ্মীৰৰ পেহলগামত সংঘটিত(Pahalgam Attack)ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ কথা ভাৰতে চিন্তা-চৰ্চা কৰি থকাৰ সময়তে ছুইডেনৰ কোম্পানী এছ এ এবে কয় যে তেওঁলোকে এ টি ৪ এণ্টি আৰ্মৰ অস্ত্ৰ ব্যৱস্থা ভাৰতীয় সশস্ত্ৰ বাহিনীক প্ৰদান কৰিছে। ভাৰতৰ অস্ত্ৰভাণ্ডাৰত শেহতীয়াকৈ এই ব্যৱস্থা সংযোজন কৰাটোৱে পাকিস্তানৰবুকু কঁপাই তুলিছে্।এক্সৰ এটা পোষ্টত ছাব ইণ্ডিয়াই অস্ত্ৰ ব্যৱস্থাটোৰ ডেলিভাৰী নিশ্চিত কৰি কয় যে ভাৰতে এ টি ৪ চি এছ এ এছ টি ভেৰিয়েণ্ট ক্ৰয় কৰিছে, যিটো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, য’ত অট্টালিকাৰ ভিতৰৰ পৰা, বাংকাৰ, আৰু অন্যান্য নগৰীয়া পৰিৱেশৰ পৰা ব্যৱহাৰ কৰাৰ সুভিদা ৰখা হৈছে।

‘আমি গৌৰৱান্বিত যে আমাৰ এ টি ৪ এণ্টি আৰ্মৰ অস্ত্ৰ ব্যৱস্থা ভাৰতীয় সশস্ত্ৰ বাহিনীক দিয়া হৈছে।প্ৰতিযোগিতামূলক মূল্যায়নৰ জৰিয়তে নিৰ্বাচিত এ টি ৪ এ চুটি দূৰত্বৰ যুদ্ধৰ বাবে এক বিশ্বাসযোগ্য সামৰিক সমাধান হিচাপে ভাৰতৰ অস্ত্ৰভাণ্ডাৰত যোগদান কৰিছে। আমাৰ কাৰ্ল-গুষ্টাফ ব্যৱস্থাৰ দীৰ্ঘদিনীয়া ব্যৱহাৰকাৰী ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আমাৰ এ টি ৪ অস্ত্ৰ ব্যৱস্থাৰ প্ৰতিও আস্থা বৃদ্ধি কৰাৰ লগে লগে এয়া এক মাইলৰ খুঁটি।’ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পেছাদাৰী ক্ষমতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা প্ৰকাশ কৰি কয় যে তেওঁলোকৰ সঁহাৰিৰ ধৰণ, লক্ষ্য, আৰু সময়ৰ সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা আছে।মঙলবাৰে ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেলৰ সৈতে হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে সন্ত্ৰাসবাদৰ ওপৰত আঘাত কৰাটো আমাৰ ৰাষ্ট্ৰীয় সংকল্প।প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ পেছাদাৰী ক্ষমতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা প্ৰকাশ কৰি কয় যে আমাৰ সঁহাৰিৰ ধৰণ, লক্ষ্য, আৰু সময়ৰ বিষয়ে সিদ্ধান্ত ল’বলৈ তেওঁলোকৰ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা আছে।প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ কেইঘণ্টামানৰ পাছতে বুধবাৰে পাকিস্তানৰ তথ্য মন্ত্ৰী আট্টাউল্লাহ তাৰাৰে যোৱা সপ্তাহৰ পেহলগাম আক্ৰমণক আগ্ৰাসনৰ অজুহাত হিচাপে ভাৰত ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে তাৰাৰে সতৰ্কবাণী প্ৰদান কৰি কয় যে, “পাকিস্তানৰ হাতত বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য আছে যে ভাৰতে পেহলগামৰ কাণ্ডৰ অজুহাত দেখুৱাই অহা ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পাকিস্তানৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাবলৈ মনস্থ কৰিছে। যিকোনো আগ্ৰাসনৰ কাৰ্য্যই নিৰ্ণায়ক সঁহাৰিৰ সন্মুখীন হ’ব। অঞ্চলটোত যিকোনো গুৰুতৰ পৰিণতিৰ বাবে ভাৰত সম্পূৰ্ণৰূপে দায়ী হ’ব।”

Related Articles