Census: কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ লোকপিয়লৰ লগতে দেশত কৰা হ’ব জাতি ভিত্তিক লোকপিয়লো

দেশৰ বিভিন্ন ৰাজ্যত জাতিত্তিক(Census) লোক পিয়লৰ দাবী উত্থাপন হৈ আহিছে। একাংশ ৰাজ্যই জাতিভিত্তিক লোক পিয়ল সম্পন্নও কৰিছে। ইয়াৰ মাজতে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অতি সোনকালে আৰম্ভ হ’ব ৰাষ্ট্ৰীয় লোকপিয়ল। সেই সময়তে লোকপিয়লৰ লগতে জাতি ভিত্তিক গণনাও কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে এই ঘোষণা কৰে। তেওঁ কয় যে কেন্দ্ৰীয় কেবিনেটে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিৰোধীয়ে ধাৰাবাহিকভাৱে জাতি লোকপিয়লৰ দাবী উত্থাপন কৰি আহিছে। বিশেষকৈ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে বাৰে বাৰে এই দাবী উত্থাপন কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া বিৰোধীৰ দাবী মানি লৈছে আৰু ৰাষ্ট্ৰীয় লোক পিয়লৰ সৈতে জাতিভিত্তিক লোক পিয়লো কৰা হব বুলি সিদ্ধান্ত লৈছে।

পাহেলগাঁও আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কেইবাখনো কেবিনেট কমিটীৰ বৈঠক অনুষ্ঠিত হয়। ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকও অনুষ্ঠিত হয়। সেই বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত কয় যে, “ৰাজনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে সিদ্ধান্ত লৈছে যে জাতি গণনা পৰৱৰ্তী লোকপিয়লৰ অংশ হ’ব।” অৰ্থাৎ লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ প্ৰতিটো জাতিৰ সংখ্যা, আৰু প্ৰতিটো সম্প্ৰদায়ৰ লোকৰ সংখ্যা গণনা কৰা হ’ব।

ৰাহুল গান্ধীয়ে বাৰে বাৰে জাতি লোকপিয়লৰ সন্দৰ্ভত কৈ আহিছে যদিও আজি অশ্বিনী বৈষ্ণৱে দাবী কৰে যে, “কংগ্ৰেছ চৰকাৰে সদায় জাতি লোকপিয়লৰ বিৰোধিতা কৰি আহিছে। ২০১০ চনত মনমোহন সিঙে কৈছিল যে জাতি লোকপিয়লৰ বিষয়টো কেবিনেটত বিবেচনা কৰা উচিত। এই বিষয়টো বিবেচনা কৰিবলৈ মন্ত্ৰীৰ এখন সমিতিও গঠন কৰা হৈছিল। বেছিভাগ ৰাজনৈতিক দলেই জাতি লোকপিয়লৰ পৰামৰ্শ দিছে। অৱশ্যে কংগ্ৰেছ চৰকাৰে জাতি লোকপিয়ল কৰা নাছিল, কেৱল জাতি জৰীপহে কৰিছিল।”

অশ্বিনীয়ে দাবী কৰে, “এয়া স্পষ্ট যে কংগ্ৰেছ আৰু ইয়াৰ ‘ভাৰত’ মিত্ৰজোঁটৰ অংশীদাৰসকলে জাতি লোকপিয়লক কেৱল ৰাজনৈতিক আহিলা হিচাপেহে ব্যৱহাৰ কৰিছে। কিছুমান ৰাজ্যই জাতিগত জৰীপ চলাই আছে। কিছুমান ৰাজ্যই কামটো ভালদৰে কৰিছে। কিছুমান ৰাজ্যই কেৱল ৰাজনৈতিক দৃষ্টিকোণৰ পৰা অস্বচ্ছভাৱে এনে জৰীপ চলাইছে।”

প্ৰসংগক্ৰমে ২০১১ চনত ভাৰতত শেষৰবাৰৰ বাবে লোকপিয়ল কৰা হৈছিল।কভিডৰ পিছত আৰু অন্যান্য জটিলতা অতিক্ৰম কৰি এইবাৰ নতুনকৈ লোকপিয়ল কৰা হ’ব পাৰে। পৰৱৰ্তী লোকপিয়ল ডিজিটেল ভিত্তিক হ’ব বুলি ধাৰণা কৰা হৈছে। শেহতীয়া কেৱল বিহাৰতহে জাতিগত লোকপিয়ল কৰা হৈছে। সেই জাতি লোকপিয়লত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৩৬ শতাংশই অতি পিছপৰা শ্ৰেণীৰ বুলি প্ৰকাশ পাইছে। ২৭.১ শতাংশ জনসংখ্যা পিছপৰা শ্ৰেণীৰ, ১৯.৭ শতাংশ অনুসূচিত জাতি আৰু ১.৭ শতাংশ অনুসূচিত জনজাতিৰ।

Related Articles