পেহলগাম নৰসংহাৰৰ পিছতে ভাৰত আৰু(Zameer Ahmed Khan)পাকিস্তানৰ মাজত উত্তেজনা চলি আছে৷ এনে সময়তে কৰ্ণাটকৰ গৃহ নিৰ্মাণ আৰু ৱাকফ মন্ত্ৰীয়ে ভাৰতৰ বাবে আত্মঘাতী বোমাৰু হ’বলৈ আৰু বিস্ফোৰক লৈ পাকিস্তানত খোজ কাঢ়ি যুদ্ধ কৰিবলৈ সাজু বুলি ঘোষণা কৰিছে৷ মন্ত্ৰী জমিৰ আহমেদ খানৰ এই বক্তব্য শনিবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী জমিৰে কয়, “মই এই কথা বাৰে বাৰে কৈছো: আমি ভাৰতীয়, আমি হিন্দুস্তানী।পাকিস্তানৰ সৈতে আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই।(Karnataka)
মই পুনৰ কওঁ, পাকিস্তানৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। মই প্ৰয়োজন হ’লে যুদ্ধ কৰিবলৈ সাজু। আনকি এজন মন্ত্ৰী হিচাপেও যদি মোক যুদ্ধক্ষেত্ৰলৈ পঠিওৱা হয়, তেন্তে মই পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ যাবলৈ সাজু। “তেওঁ লগতে কয়, ‘মই ব্যক্তিগতভাৱে যুদ্ধক্ষেত্ৰলৈ যাম ভাৰতৰ বাবে যুঁজিবলৈ।আহক আমি সকলোৱে নিজৰ দেশৰ বাবেই কৰিম।প্ৰয়োজন হ’লে মই ভাৰতৰ বাবে আত্মঘাতী বোমাৰু হ’ম।এই কথা মই সহজভাৱে বা আৱেগিকভাৱে কোৱা নাই।দেশৰ প্ৰয়োজন হ’লে মই আত্মঘাতী বোমাৰু হিচাপে নিজকে বলিদান দিবলৈ সাজু।
‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোক আত্মঘাতী বোমাৰু হোৱাৰ সুযোগ দিয়ক।আল্লাহৰ শপত খাইছোঁ — মোৰ শৰীৰত বিস্ফোৰক মেৰিয়াই থোৱা থাকিব আৰু মই পাকিস্তানলৈ যাম।’-মন্ত্ৰী জমিৰে ঘোষণা কৰে।
এই ভিডিঅ’টোৱে ব্যাপক চৰ্চা লাভ কৰিছে আৰু সমগ্ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা প্ৰশংসা লাভ কৰিছে।মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰী জমিৰে বেংগালুৰুৰ চামৰাজপেট সমষ্টিক প্ৰতিনিধিত্ব কৰে।প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱে গৌড়া। জেডি(এছ) ত্যাগ কৰাৰ পিছত তেওঁ কংগ্ৰেছ দলত যোগদান কৰে।

