স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। মাজ নিশাৰ পৰা পাকিস্তানে কৰা নাই আক্রমণ।
যুদ্ধ বিৰতিৰ সিদ্ধান্তৰ পিছতে পৰিস্থিতি স্বাভাৱিক।(India-Pakistan Tensions)
শ্ৰীনগৰ, আখনূৰ, ৰাজৌৰী আৰু পুঞ্চত স্বাভাৱিক পৰিস্থিতি বিৰাজমান।
পাকিস্তানৰ পৰা তীব্ৰ গোলাবৰ্ষণৰ এদিন পিছতে দেওবাৰে জম্মু চহৰৰ পৰিস্থিতি স্বাভাৱিক হৈ আছে।
১০-১১ মে’ৰ মাজৰ নিশাটোত কোনো ড্ৰ’ন, গুলীচালনা আৰু গোলাবৰ্ষণৰ খবৰ পোৱা নগ’ল।
নিশা কোনো ড্ৰোন, গুলীচালনা আৰু গোলাবৰ্ষণৰ খবৰ নথকাত পুঞ্চ অঞ্চলতো পৰিস্থিতি স্বাভাৱিক হৈ পৰে।
ইফালে ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে অমৃতসৰ জিলা উপায়ুক্তই ৰেড এলাৰ্ট জাৰি কৰি বাসিন্দাসকলক ঘৰৰ ভিতৰত আৰু খিৰিকীৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাইছে।
দেওবাৰে জাৰি কৰা এক বিবৃতিত জিলা উপায়ুক্তগৰাকীয়ে কয় যে, “আমি আপোনালোকৰ সুবিধাৰ বাবে বিদ্যুৎ যোগান পুনৰুদ্ধাৰ কৰিছো, কিন্তু আমি এতিয়াও ৰেড এলাৰ্টত আছো। এতিয়াও চাইৰেন বাজিব, এই ৰেড এলাৰ্টৰ ইংগিত। অনুগ্ৰহ কৰি আপোনালোক ঘৰৰ পৰা ওলাই নাযাব; ঘৰৰ ভিতৰত আৰু খিৰিকীৰ পৰা আঁতৰত থাকক। আমি গ্ৰীণ চিগনেল পালে আপোনালোকক জনাই দিম। আতংকিত নহ’ব।”
ইয়াৰ পূৰ্বে পুৱা ৪:৩৯ বজাত জিলা উপায়ুক্তই বাসিন্দাসকলক লাইট বন্ধ কৰি ৰাখিবলৈ আৰু খিৰিকী, পথ, বেলকনি, বা টেৰেচৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিছিল।

