মঙলদৈ জিলা কাৰাগাৰৰ আলহী হ’ল সাহিত্যিক ইছমাইল হুছেইনৰ । Ismail Hossain

মঙলদৈ, ১৬ মে’ :Ismail Hossain । শুকুৰবাৰে সাহিত্যিক ইছমাইল হুছেইনক আটক কৰে মঙলদৈ আৰক্ষীয়ে। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে যোৰহাট গড় আলিৰ পৰা আটক কৰে হুছেইনক।

উৰ্মীমালা দত্ত নামৰ এগৰাকী মহিলাই ইছমাইল হুছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত দত্তক অশালীন মন্তব্য কৰাৰ বাবে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহৰৰ বিপৰীতে ৮৪/২৫ কেচ নং ভিত্তিত হুছেইনক আটক কৰে বুলি জানিব পৰা গৈছে। ইছমাইল হুছেইনে কৰ্ম সুত্ৰে গুৱাহাটীত থাকে যদিও আৰক্ষীয়ে মোবাইল নেটৱৰ্কৰ দ্বাৰা স্থান নিৰোপন কৰি যোৰহাটৰ গৰ আলিৰ পৰা আটক কৰে। কি কাৰনত যোৰহাটত আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে সাহিত্যিক ইছমাইল হোচেইনে এটি বিশেষভাৱে সক্ষম শিশুৰ সৈতে ফাটবিহু উপলক্ষে বিহুনাচ এটাৰ ভিডিঅ’ ফেচবুকত আপলোড কৰিছিল। সেই আপডেট টোত অভিযোগ কাৰি কলাই গাওঁ জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী উৰ্মীমালা দত্তই মন্তব্য কৰাত সাহিত্যিক, ভাষা সংস্কৃতিৰ সাধক ইছমাইল হোচেইনে কিছুমান অশ্লীল শব্দৰে উৰ্মীমালা দত্তৰ ভাৱমূৰ্তিত আঘাত হানে বুলি দত্তই অভিযোগ কৰে । সেয়েহে দত্তই মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি অভিযোগ কাৰি দত্তই মন্তব্য কৰে। লগতে ইছমাই হুছেইনক আৰক্ষীয়ে আটক কৰাৰ বাবে উৰ্মীমালা দত্তই আৰক্ষীক ধন্যবাদ জনায়। অনাগত দিনত মহিলাক এনেধৰণৰ অশালীন মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ ইছমাইল হোছেইনক সকিয়াই দিয়ে।আৰক্ষী সঞ্চালক প্ৰধানকো ধন্যবাদ জনায় উৰ্মীমালা দত্ত ই।
অৱশেষত মঙলদৈ জিলা কাৰাগাৰৰ আলহী হ’ল সাহিত্যিক ইছমাইল হুছেইনৰ।মঙলদৈ সদৰ থানাৰ MLD PS NO– 84/25 UG 79 BNS R/W SEC. 67(a) IT Act ধাৰাত গোচৰ ভিত্তিত মঙলদৈ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ইছমাইল হোছেইনক।

সাংবাদিক সন্মুখত হুছেইনে কয় যে মই কোনো অপৰাধ কৰা নাই, আৰক্ষীক সহযোগ কৰিছো, মহিলা গৰাকী হে মোক সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে ইয়াৰ ক্ষেত্ৰত আইনে যি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আইনৰ কথা ।

Related Articles