অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই পুনৰ ৰচিলে ইতিহাস।(Neeraj Chopra)
জেভলিন থ্ৰ’ত অভিলেখ গঢ়ি ৯০ মিটাৰ স্পৰ্শ নীৰজৰ।
শুকুৰবাৰে ৯০.২৩ মিটাৰ দলিয়াই অভিলেখ ডোহা ডায়মণ্ড লীগ ২০২৫ত।
অৱশ্যে দ্বিতীয় স্থান লাভ কৰে নীৰজে।
নীৰজ চোপ্ৰাৰ প্ৰশংসাত পঞ্চমূখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
সামাজিক মাধ্যমত প্রধানমন্ত্রী মোদীয়ে নীৰজ চোপ্ৰাক কৰিলে প্রশংসা।
শনিবাৰে নীৰজক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ সফলতাৰ কৃতিত্ব তেওঁৰ অদম্য নিষ্ঠা, অনুশাসন আৰু আৱেগৰ ফল।