ডিব্ৰুগড়, ২৩ মে’:
১৭ মে’ তাৰিখে দুলীয়াজানত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ প্ৰতিক্ৰিয়াত আজি দুলীয়াজান আৰু সমগ্ৰ ডিব্ৰুগড় জিলা জুৰি যুদ্ধ সদৃশ পৰিৱেশ দেখা গৈছে। পেট্ৰ’ল পাম্পত হোৱা এই সংঘৰ্ষৰ পাছতে একাধিক দল-সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধ কাৰ্যসূচীৰ মাজতেই আৰক্ষীয়ে ব্যাপকভাৱে বীৰ লাচিত সেনাৰ নেতা-কর্মী আৰু সমৰ্থকক আটক কৰিছে।
ডিব্ৰুগড় জিলাৰ মৰাণ, বৰবৰুৱা, লাহোৱাল, টেঙাখাত, দুলীয়াজানসহ প্ৰতিখন থানাতে বীৰ লাচিত সেনাৰ সদস্যসকলক আটক কৰা হৈছে। দুলীয়াজানলৈ আগবাঢ়ি থকা বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা, সাংগঠনিক সচিব হৰ কুমাৰ গগৈ আৰু ক্ৰীড়া সচিব অংকুৰ গগৈকো আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়লৈ লৈ গৈছে। শৃংখল চলিহাক বৰ্তমান ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আবদ্ধ কৰি ৰখা হৈছে।
বন্দীত্বৰ মাজতেই সেনাৰ সদস্যসকলে চৰকাৰৰ ওপৰত কঠোৰ সমালোচনা কৰি কয়, “এই ফেচিষ্টবাদী চৰকাৰে খিলঞ্জীয়াৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ ৰাজপথৰ পৰা প্ৰতিবাদকাৰী আটক কৰি ভয় সৃষ্টি কৰিব খোজে। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহিছিলো, কিন্তু আমাক জোরেৰে আটক কৰা হৈছে।”
উল্লেখযোগ্য যে, ১৭ মে’ৰ সংঘৰ্ষৰ পাছতেই ডিব্ৰুগড় আৰক্ষীয়ে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। তেওঁৰ হাতত হেণ্ডকাফ লগাই আদালতলৈ নিয়া ঘটনাই অসমজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। আনহাতে, সংঘটনসমূহে এই ঘটনাৰ সময়ত BN Singh পেট্ৰ’ল পাম্পত গালি গালাজ কৰা যুৱতী তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যজুৰি এজাহাৰ দাখিল কৰিছে।
বীৰ লাচিত সেনাৰ নেতাসকলে স্পষ্টকৈ সদৰী কৰে, শংকৰজ্যোতি বৰুৱাক মুক্তি নিদিয়া আৰু তনু শ্বাহীক গ্ৰেপ্তার নকৰা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। অৱস্থাৰ গুৰুত্ব বিচাৰি দুলীয়াজানত অধিক সংখ্যক আৰক্ষী আৰু সেনা বাহিনী মোতায়েন কৰা হৈছে।