উপ ৰাষ্ট্ৰপতি পদৰ পৰা (Jagdeep Dhankhar) পদত্যাগ জগদীপ ধনখড়ৰৰ। স্বাস্থ্যজনিত কাৰণত জগদীপ ধনড়ৰে ২১ জুলাইত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পিছতে দেশৰ ৰাজনীতিত আৰম্ভ হৈছে জল্পনা-কল্পনা। উপ-ৰাষ্ট্ৰপতি পদৰ পদত্যাগৰ পিছত তেওঁৰ কাম কোনে চোৱাচিতা কৰিব, চৰকাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব? পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি কোন হ’ব পাৰে, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল চৰকাৰে কাৰোবাক উপ-ৰাষ্ট্ৰপতি বনাব পাৰিব নে ইয়াৰ আঁৰত কিবা নীতি-নিয়ম থাকিবনে?
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা সাংবিধানিক বিশেষজ্ঞ বিৰাগ গুপ্তাই উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগক লৈ ডাঙৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে জগদীপ ধনড়ৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰিছে আৰু সেয়া মানি লোৱা হৈছে। এতিয়া ৰাজ্যসভাৰ উপ অধ্যক্ষই দায়িত্ব ল’ব। পদত্যাগ, মৃত্যু বা স্বাস্থ্যজনিত কাৰণতেই হওক, পদত্যাগ কৰা ব্যক্তিকে ধৰি এনে সকলো পৰিস্থিতিৰ বাবে সংবিধানত বিধান আছে বুলিও তেওঁ কয়। এতিয়া একে নিয়ম প্ৰযোজ্য হ’ব।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰদীপ যাদৱে কয় যে মই স্পষ্টকৈ কওঁ যে তেওঁৰ পদত্যাগে কোনো ডাঙৰ সাংবিধানিক সংকটৰ সৃষ্টি নকৰে, কাৰণ সাংবিধানিক কৰ্তৃত্ব ৰাষ্ট্ৰপতিৰ ওপৰত। কিন্তু মন কৰিবলগীয়া যে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পদ কেতিয়াও খালী হৈ থাকিব নোৱাৰে। সংবিধানত ইয়াৰ ব্যৱস্থা আছে। উপ-ৰাষ্ট্ৰপতিৰ পদত্যাগ বা তেওঁৰ কাৰ্যকালৰ আন কোনো অভাৱনীয় পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্যসভাৰ উপ অধ্যক্ষই দায়িত্ব গ্ৰহণ কৰে।
জগদীপ ধনখড়ৰ পদত্যাগৰ পাছত সাংবিধানিক নীতি-নিয়ম অনুযায়ী নির্বাচন আয়োগে শীঘ্রে নতুন উপ-সভাপতিৰ নির্বাচনৰ প্রক্রিয়া আৰম্ভ কৰিব৷ তেতিয়ালৈকে হৰিবংশ নাৰায়ণ সিঙে ৰাজ্যসভাৰ অধ্যক্ষৰ দায়িত্ব ল’ব। সংবিধানৰ ৬৬ আৰু ৬৮ নং অনুচ্ছেদৰ অধীনত এই প্ৰক্ৰিয়া সুকলমে সম্পূৰ্ণ হ’ব, যাতে কোনো সাংবিধানিক সংকটৰ সৃষ্টি নহয়।
উপ-ৰাষ্ট্ৰপতি পদ খালী হ’লে নিৰ্বাচনৰ সময় আৰু নতুন উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল সম্পৰ্কে নিয়ম-নীতি থাকে। য’ত যদি উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ বাবে খালী পদৰ সৃষ্টি হয়, তেন্তে কাৰ্যকাল শেষ হোৱাৰ আগতেই নতুন নিৰ্বাচন সম্পূৰ্ণ কৰিব লাগিব। যদিহে পদটো হঠাৎ খালী হয় অৰ্থাৎ মৃত্যু, পদত্যাগ, অপসাৰণ বা আন কোনো কাৰণত উপ-ৰাষ্ট্ৰপতিৰ পদ খালী হয়, তেতিয়া খালী হোৱাৰ পিছত যিমান পাৰি সোনকালে নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব।
সাধাৰণতে দুমাহৰ ভিতৰত নতুন উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে। এনে পৰিস্থিতিত এতিয়া নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব। ২১ জুলাইত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰাৰ পিছত এতিয়া চৰকাৰে ২০ ছেপ্টেম্বৰৰ ভিতৰত (প্ৰায় ৬০ দিন) নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব লাগিব।

