‘আজিৰ কবিতা’ৰ উদ্যোগত অনুষ্ঠিত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি ।Poem

Poem । ওড়িশাৰ সম্বলপুৰত দুদিনীয়া কাৰ্যসূচীৰে ‘আজিৰ কবিতা, অসম’ৰ উদ্যোগত আৰু সম্বলপুৰৰ সাহিত্য-সামাজিক অনুষ্ঠান ‘কলম’ৰ সহযোগত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱ’২০২৫ৰ বন্তি প্ৰজ্জ্বলেনেৰে শুভাৰম্ভণী কৰে গঙ্গাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সুশান্ত কুমাৰ দাসে। ‘কলম’ৰ সভাপতি মঃ তফিজুল হুচেইনৰ সভাপতিত্বত আৰু ‘আজিৰ কবিতা’ৰ সম্পাদক বিনয় চলিহাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গঙ্গাধৰ মেহেৰ বিশ্ববিদ্যালয়ৰ উপ-পঞ্জীয়ক ড° উমা চৰণ পাটি, বিশিষ্ট ওড়িয়া কবি, অধ্যাপক প্ৰদীপ কুমাৰ পাণ্ডা, আজিৰ কবিতাৰ মুখ্য সম্পাদক ড° ভৱেশ দাস, লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিভৱন সংৰক্ষণ সমিতিৰ আহবায়ক, ইতিহাসবিদ দীপক পাণ্ডা, আজিৰ কবিতাৰ সম্পাদক তথা মেজাংকৰি প্ৰকাশনৰ সচিব বিনয় চলিহা।
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, বিশিষ্ট লেখক, শিল্পী কুমাৰ দীপক দাসে সঞ্চালনা কৰা দ্বিতীয় সত্ৰৰ অনুষ্ঠানত বিশিষ্ট অনুবাদক, লেখক নৱকুমাৰ মিশ্ৰই কৰা ‘বুঢ়ী আইৰ সাধু’ৰ ওড়িয়া অনুবাদ ‘বুৰী মাৰো গপ্পো’ উন্মোচন কৰে ফকিৰমোহন বিশ্ববিদালয়ৰ অৱসৰী অধ্যাপক ড° হৰিচন্দ্ৰ বেহেৰাই। অনুষ্ঠানত অধ্যাপক বেহেৰাই অসমীয়া ভাষা সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ বিপুল অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰে৷ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ আহ্বায়ক দীপক পাণ্ডাই অসম চৰকাৰৰ সহযোগত গংগাধৰ মেহেৰ বিশ্ববিদ্যালয়ত সোনকালেই বেজবৰুৱাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷







অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক পেঞ্চনাৰ কৰুণাকান্ত ৰায়ে উত্তৰ ভাৰতীয় ভাষাসমূহৰ মাজত থকা মিলৰ বিষয়ে গৱেষণা পত্ৰ পাঠ কৰে৷ অনুষ্ঠানত এটি অসমীয়া সমবেত সংগীত পৰিবেশন কৰে আজিৰ কবিতাৰ সদস্যা শাশ্বতী শৰ্মা,ৰুণু চহৰীয়া ডেকা আৰু অনামিকা ৰায় হাজৰিকাই।


দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ‘লক্ষ্মীনাথ বেজবৰুৱা আৰু সম্বলপুৰৰ স’তে অসমৰ ভাষা-সাহিত্যৰ সম্পৰ্ক’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। দ্বিতীয় সত্ৰত ওড়িশা,অসম, পশ্চিমবংগ, ত্ৰিপুৰা,কেৰেলা, দিল্লী, সম্বলপুৰ আদি বিভিন্ন ৰাজ্যৰ ডেৰ শতাধিক কবিৰ কবিতা পাঠেৰে ড° ভৱেশ দাসৰ সঞ্চলনাত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। তাৰ পিছতে গ্ৰন্থ উন্মোচনী সভাত ‘আজিৰ কবিতা’ আৰু ‘মেজাংকৰি’ আলোচনীৰ সম্বলপুৰ সাহিত্য উৎসৱ দুটি উন্মোচন কৰে বিশিষ্ট ওড়িয়া কবি অমৰেশ বিশ্বাল আৰু সাহিত্যিক প্ৰধানে। অন্যান্য সাতখনকৈ কবিতা আৰু ভিন্ন বিষয়ক গ্ৰন্থ ক্ৰমে শাশ্বতী শৰ্মাৰ ‘আঘোন উজায় এই বাটে’, ৰুণু চহৰীয়া ডেকাৰ ‘অনুভৱৰ কৰণি’, ৰঞ্জি শইকীয়া ডেকাৰ ‘বিষণ্ণ স্বৰলিপি’, ক্ষীৰা শইকীয়া ডেকাৰ ‘আশাবোৰ আছে বাবেই’, অনামিকা ৰায় হাজৰিকাৰ ‘ত্ৰিভূজ সুন্দৰী-২’, ড° ভৱেশ দাসৰ ‘মেডিকেল টুৰিজম! আৰু বিনয় চলিহাৰ ‘ধান হালধীয়া ৰ’দ’। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় হিন্দী কাকণ প্ৰজ্ঞা মেইলৰ সম্পাদক অৰুণ কুমাৰ বৰ্মন, আন্তৰ্জাতিক খ্যাতি সম্পন্ন সাংবাদিক, সমাজকৰ্মী ৰত্নজ্যোতি দত্ত, বিশিষ্ট ওড়িয়া কবি ড° প্ৰদীপ পাণ্ডা, অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ কাৰ্যাধক্ষ্য ভাৰত ভূষণ মহন্ত, বিশিষ্ট হিন্দী অনুবাদক, কবি ড° গীতা দত্ত চহৰীয়া, কবি-সাংবাদিক সূৰ্য পাণিগ্ৰাহী, বিশিষ্ট কবি-লেখক ড° অনুপমা বিশ্বাল, ‘কলম’ৰ সম্পাদক ক্ষেত্ৰমনি বিভাৰ আদি। অনুষ্ঠানত কবিতা- সাহিত্য, সাংস্কৃতিক-সামাজিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা ১২ গৰাকী বিশিষ্ট ব্যক্তিলৈ আজিৰ কবিতাৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান প্ৰদান কৰা হয়! সম্বলপুৰৰ দীপক পাণ্ডালৈ সমন্বয় সংহতি বঁটা, তফিজুল হুছেইন (সাহিত্য সংহতি বঁটা), ধৰণীধৰ মিশ্ৰ (কাব্য কেশৰী বঁটা), অসমৰ প্ৰেমদা চহৰীয়ালৈ কাব্যৰত্ন বঁটা, ওড়িয়া অনুবাদক নৱকুমাৰ মিশ্ৰলৈ কথা সৌৰভ বঁটা, অনিতা দেৱী (সাহিত্য সৌৰভ), ৰবিন কুমাৰ চেতিয়া (কবিকণ্ঠ বঁটা), চন্দ্ৰমা শৰ্মা (কাব্য নন্দিনী বঁটা), স্নেহা জোনাক দত্ত (কাব্যশ্ৰী বঁটা), হিন্দী অনুবাদক ড° গীতা দত্ত চহৰীয়া (কাব্য মহীয়সী বঁটা), ধৰ্মকান্ত বৰুৱা (কাব্যসূৰ্য বঁটা) আৰু মেঘমালা সূত্ৰধাৰলৈ কাব্য সৌৰভ বঁটা প্ৰদান কৰা হয়! অনুষ্ঠানৰ মাজতে আজিৰ কবিতাৰ সদস্যবৃন্দৰ দ্বাৰা পৰিবেশিত বিহুনৃত্যৰে সাহাত্যানুৰাগী শ্ৰোতা দৰ্শকক আমোদ প্ৰদান কৰা হয়। শেষত অসম আৰু ওড়িশাৰ শিল্পী সকলে গীত-মাত পৰিবেশন কৰে। আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহা আৰু কলমৰ সভাপতি তফিজুল হুছেইনে সাহিত্য উৎসৱত উপস্থিত সকলো অতিথি তথা সতীৰ্থক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। দুয়োদিনৰ অনুষ্ঠানৰ শেষত লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি বিজড়িত ওড়িশাৰ সম্বলপুৰৰ মাটিত অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ আৰু ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি মৰা হয় বুলি ‘আজিৰ কবিতা’ তথা ‘মেজাংকৰি’ৰ সম্পাদক বিনয় চলিহাই জনাইছে।

Related Articles