ডিব্ৰুগড়, ২৩ জুলাইঃ
Assam Cabinet । অসম চৰকাৰৰ আজিৰ কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষিত যুৱ সমাজৰ বাবে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে যে, এতিয়া অসমৰ যুৱক-যুৱতীসকলৰ বাবে জাপানত চাকৰি কৰাৰ নতুন সুযোগ সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, “এডভাণ্টেজ আছাম”ৰ জৰিয়তে চৰকাৰে বিগত কেতিয়াবা ধৰি জাপানৰ বিভিন্ন সংস্থাৰ সৈতে আলোচনা চলাই আহিছিল। সেই আলোচনা সফল হৈ, এতিয়া জাপানৰ তিনিখন প্ৰতিষ্ঠান অসম চৰকাৰৰ সৈতে অংশীদাৰ হৈ জাপানী ভাষা শিক্ষা প্ৰদান আৰু নিযুক্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। এই সম্পূৰ্ণ প্ৰক্ৰিয়া জাপান চৰকাৰৰ অনুমতি সাপেক্ষে হ’ব।

মুখ্যমন্ত্ৰীয়ে কয়, “জাপানত নিযুক্তিৰ পাছত অসমৰ যুৱ-যুৱতীসকলে মাহে প্ৰায় ২.৫০ লাখ টকা দৰমহা পাব। এই প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰায় ৩-৪ লাখ টকা খৰচ হয়, যাৰ ভিতৰত অসম চৰকাৰে ১.৫০ লাখ টকা অনুদান হিচাপে আগবঢ়াব। বাকী পৰিমাণ যুৱক-যুৱতীয়ে নিজে বহন কৰিব লাগিব।”
এই আঁচনিখন “চীফ মিনিষ্টাৰ ফ’ৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল’বেল হিউমেন টেলেণ্ট” (CMFLIGHT) নামেৰে পৰিচিত হ’ব। প্ৰথম পৰ্যায়ত ৩০০০ জন যুৱক-যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, যিসকলে বিদেশ নোৱাৰে যাব, তেওঁলোকে ভাৰতত থকা জাপানী কোম্পানীসমূহতো কৰ্মসংস্থাপন লাভ কৰিব পাৰে।
এই পদক্ষেপে অসমৰ যুৱসমাজক বিশ্বজনীন কৰ্মবাজারত আগবঢ়াবলৈ সহায় কৰিব বুলি চৰকাৰৰ আশা।

