উৰিয়ামঘাটত স্থগিত ৰখা হ’ব পাৰে উচ্ছেদ! কিয় ক’লে মুখ্যমন্ত্ৰীয়ে… Himanta biswa sarma

উৰিয়ামঘাটত স্থগিত ৰখা হ’ব পাৰে উচ্ছেদ! কিয় ক’লে মুখ্যমন্ত্ৰীয়ে…himanta biswa sarma
আজি দিনৰ ভাগত সৰুপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই সময়তে তেওঁ উৰিয়ামঘাটত হ’বলগা উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উৰিয়ামঘাটত উচ্ছেদ অভিযান স্থগিত ৰখা হ’ব পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পিছে কিয় এইদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?


ৰাজ্যত যোৱা সময়ছোৱাত কেইবাটাও স্থানত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ পৰা চৰকাৰী ভূমি তথা বনাঞ্চলৰ ভূমি মুক্ত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা অনুসৰি বহু স্থানত চলাইছে উচ্ছেদ। শেহতীয়াকৈ ধুবুৰী আৰু গোৱালপাৰাত উচ্ছেদৰ সময়ত কিছু বিক্ষিপ্ত ঘটনাও পোহৰলৈ আহিছিল।
উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছিল। সেই অনুসৰি গোলাঘাটৰ উৰিয়ামঘাটত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। অৱশ্যে আজি দিনৰ ভাগত উৰিয়ামঘাটত উপস্থিত হৈ অঞ্চলটোত উচ্ছেদ সন্দৰ্ভত তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।


প্রশাসনে জনোৱা মতে, সীমান্তৰ ৩০ খনতকৈ অধিক গাঁৱত তিনি হাজাৰ বিঘাতকৈ অধিক ভূমিত উচ্ছেদ অভিযান চলোৱা হ’ব। সেই অনুসৰি ২৯ জুলাইৰ পূৰ্বে সেই স্থান খালী কৰিবলৈ বেদখলকাৰীসকলক নিৰ্দেশ দিয়া হৈছিল। প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছতে অঞ্চলটোত অবৈধভাৱে বাস কৰি থকা বহু লোক টালি-টোপোলা বান্ধি গাড়ীৰে উৰিয়ামঘাটৰ পৰা সৰুপথাৰৰ মূল পথেৰে সেই স্থান ত্যাগ কৰা পৰিলক্ষিত হৈছিল।
নগাঁও, ধিং, লাহৰিঘাট, ৰূপহী, মৈৰাবাৰী, বটদ্ৰোৱা আদি স্থান সমূহলৈ গাড়ীৰে আজি পুৱাৰে পৰা ৰাওনা হৈছে বহু সংখ্যক লোক । উৰিয়ামঘাট‌ সীমান্তৰ পৰা পলায়ন কৰা এই সন্দেহজনক লোকসকলে যাতে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰ, নাওঁজান ,চুঙাজান আদিত আশ্ৰয় ল’ব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাইছে দল-সংগঠনসমূহে।


ইফালে আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা আয়ুক্ত পুলক মহন্ত আৰক্ষী অধীক্ষক ৰাজেন সিং, সৰুপথাৰৰ ৰাজহ চক্ৰ বিষয়া মনোজ দলেৰ লগতে প্ৰশাসনৰ কেইবাজনো বিষয়াৰ উপস্থিতিত বিশেষ ড্ৰোণৰ সহায়ত সীমান্ত পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সময়তে তেওঁ এনেদৰেই সন্দেহযুক্ত নাগৰিক সকলে যদি উৰিয়ামঘাট এৰি যায়, তেতিয়া উচ্ছেদ অভিযান স্থগিত ৰখা হ’ব বুলি সদৰি কৰে।

Related Articles