সদৌ অসম যোগ মহাসংঘ আৰু পতঞ্জলী যোগপীঠ হৰিদ্বাৰৰ যৌথ প্ৰচেষ্ঠাত আৰু স্থানীয় ‘জাগৰণ’ শোণিতপুৰৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীৰ বৰাচুক গাঁৱৰ নামঘৰ প্ৰাঙ্গণত যোগৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অবিভক্ত শোণিতপুৰ জিলাৰ যোগ প্ৰশিক্ষক আৰু প্ৰচাৰক নিৰঞ্জন গগৈয়ে অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীক দুদিনীয়া যোগ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে। দুদিনীয়া কৰ্মশালাত ক আৰু খ শাখাত মুঠ এশগৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ শেষৰ দিনা প্ৰশিক্ষাৰ্থীৰ মাজত যোগাসনৰ এক প্ৰতিযোগীতা অনুষ্ঠিত হয়। ইয়াৰে দুয়োটা শাখাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় আৰু বাকী অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীকো অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচীৰ বন্তী প্ৰজ্বলনেৰে আৰম্ভ হয়। বন্তী প্ৰজ্বলন কৰে স্থানীয় সমাজকৰ্মী ভানু বৰাই। অনুষ্ঠানত বিশ্বনাথ জিলাৰ যোগ প্ৰভাৰী শিব প্ৰসাদ শইকীয়া, জাগৰণৰ সভআপতি ৰঞ্জিত বৰা, স্থানীয় জীতেন শইকীয়া উপস্থিত থকাৰ বিপৰীতে দ্বিতীয় দিনাৰ কাৰ্যসূচী উদ্ধোধন কৰে অৱসৰী শিক্ষয়িত্ৰী গীতাঞ্জলী মহন্থই। জাগৰণত সমূহ উদ্যোক্তা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত যোগাসনৰ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…