Assam Cabinet: আজি অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কেবিনেট (Assam Cabinet) বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ শেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোদ্ধন কৰে। কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হ’ল-

মিছন বসুন্ধৰা ৩.০ৰ ভূমি অনুমোদন । কেবিনেটে অনুমোদন জনাইছে – ৮খন জিলাৰ ২৯৯ আবেদন বার্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰকৰণ, ১০টা আন্তঃগাঁথনি প্রকল্পৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত ১১৮টা আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন, ৭খন জিলাৰ ১৯০ অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ, ধেমাজিত ১,৭৪২টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিস্পত্তি

গুৱাহাটীৰ বনাঞ্চলত থকা অখিলঞ্জীয়া মানুহৰ ছাৰ্ভে কৰা হ’ব। খিলঞ্জীয়া মানুহ ভয় খোৱাৰ কোনো কাৰণ নাই। ৩টা প্ৰজন্ম অসমত থাকিলে কোনো ধৰ্মৰ কথা নাই। গুৱাহাটীত মানুহৰ ভিৰ আৰু ওজন যথেষ্ট বাঢ়িছে। গতিকে মানুহৰ কমাব লাগিব।

খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি নিষ্পত্তি –

২০১১ ৰ পূৰ্বে তিৰাপ জনজাতি অঞ্চলত ভূমি অধিকাৰ কৰি থকা আহোম, কোচ ৰাজবংশী, মটক, মৰাণ, চুতীয়া, গোর্খা, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত শ্ৰেণীৰ লোকৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে ।

কেবিনেটে বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা প্রয়াত যোশীতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে

গুৱাহাটী আৰু সোণাইত বিশেষ সমীক্ষা-

কেবিনেটে অনুমোদন জনাইছে – পথ, নলা, পাম্পিং ষ্টেচন, ট্রেন্সফৰ্মাৰ আদিৰ মূল্যাংকন আৰু তত্ত্বাৱধানত সহায়ৰ হেতু গুৱাহাটীৰ ৩২৮ বর্গ কিল ‘মিটাৰ সামৰি এৰিয়েল লিডাৰ জৰীপ (Aerial LiDAR survey) আৰু জি এম ডি এ আৰু জি এম চি এলেকাৰ জি আই এছ ডাটাবেছৰ বিকাশ।

অসমৰ কাছাৰত বসতি এলেকা বিশ্লেষণ, মুখ্য প্ৰকল্পৰ পৰিকল্পনা, কেনেল লেআউট আৰু কামাণ্ড এৰিয়া মেপিং আদিত সহায় হোৱাকৈ ১৪৭ বর্গ কিল’মিটাৰ সামৰি সোণাই জলসিঞ্চন প্রকল্পৰ বাবে এৰিয়েল লিডাৰ জৰীপ।

‘জল জীৱন আঁচনিৰ টকা ঠিকাদাৰে পোৱা নাই। এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে পৰ্যালোচনা কৰি আছে। ঠিকাদাৰক পাৰ্ফমেঞ্চ গ্যাৰেণ্টীৰ টকা অসম চৰকাৰে ঘূৰাই দিব। জল মিত্ৰৰ মৃত্যু হ’লে পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য। এতিয়াৰে পৰা মহাবিদ্যালয়ৰ শিক্ষকৰ পদোন্নতি হ’ব।

গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব ২৫হাজাৰকৈ টকা। ২০২১ চনৰ পৰা গৱেষণা কৰা শিক্ষাৰ্থীয়ে পাব এই ধনৰাশি। দিব্যাংগ গৱেষকে ৪০ হাজাৰকৈ জলপানি পাব।

Related Articles