মৰিগাঁৱত নৱ নিৰ্বাচিত জিলা পৰিষদৰ প্ৰতিনিধি শপথ গ্রহণ অনুষ্ঠান সম্পন্ন ।Marigaon

Marigaon ।মৰিগাঁও জিলাৰ জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা পৰিষদৰ নৱ-নিৰ্বাচিত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথম সভা অনুষ্ঠিত হয়। এই বিশেষ অনুষ্ঠানত জিলা পৰিষদৰ সভানেত্ৰীৰূপে শ্ৰীমতী প্ৰণতি কলিতা ডেকা আৰু উপ-সভানেত্ৰীৰূপে শ্ৰীমতী অৰ্চনা পাটৰ নিৰ্বাচিত হয়।

আজিৰ এই সভাত নতুন সভানেত্ৰী আৰু উপ-সভানেত্ৰীৰ অধীনত জিলাখনৰ সামগ্ৰিক উন্নয়নৰ বাবে সহযোগিতা, স্বচ্ছতা আৰু দায়বদ্ধতাৰ সৈতে একগোট হৈ কাম কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰে।

সভাত অংশগ্ৰহণ কৰা সদস্যসকলে পৰিষদৰ কার্যপদ্ধতি অধিক ফলপ্ৰসূ আৰু জনমুখী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।আজিৰ এই সভাত অসম চৰকাৰৰ জলসম্পদ ,সামাজিক ন্যায় আৰু সৱলীকৰণ তথা তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকা , স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, অসম যুৱ আয়োগৰ সদস্য তথা মৰিগাঁও জিলা পঞ্চায়ত নিৰ্বাচনৰ সহঃ তত্ত্বাৱধায়ক ৰাতুল শৰ্মা, জিলা আয়ুক্ত অনামিকা তেৱাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ সহ বিভিন্ন চৰকাৰী বিষয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটোক সফল কৰি তোলে।

Related Articles