সদ্যঘোষিত (71st National Film Awards) ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ৰ তালিকাত অসমৰ বাবে ভাল খবৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল কেইবাগৰাকীও অসমীয়া। শুক্ৰবাৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে নতুন দিল্লীত এখন সংবাদমেলত বিজয়ীসকলৰ নাম ঘোষণা কৰে।
দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ স্বৰ্ণ কমল বঁটাৰে সন্মানিত যশস্বী চলচ্চিত্ৰ সমালোচক উৎপল দত্ত।

পৰিচালকৰ প্ৰথম নন-ফিচাৰ চিত্ৰৰ শ্ৰেষ্ঠত্বৰ শাখাত “Mau: The Spirit Dreams of Cheraw” শীৰ্ষক মিজো তথ্যচিত্ৰৰ বাবে স্বৰ্ণ কমল বঁটা লাভ কৰিছে পৰিচালিকা শিল্পীকা বৰদলৈয়ে।

শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিছে আদিত্যম শইকীয়া পৰিচালিত “ৰঙাটাপু ১৯৮২”এ।

শ্ৰেষ্ঠ টাই ফাকে চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিছে প্ৰবাল খাউণ্ড পৰিচালিত “Pai Tang: Step Of Hope”এ।

শ্ৰেষ্ঠ জীৱনীমূলক/ঐতিহাসিক/সংকলন নন-ফিচাৰ চলচ্চিত্ৰৰ শাখাত ৰজত কমল বঁটা লাভ কৰিছে সঞ্জীৱ পৰাশৰ পৰিচালিত “Lentina Ao – A Light on the Eastern Horizon”এ।


