ৰাছিয়াৰ কামচাটকা (Russian) উপদ্বীপৰ ক্ৰাশ্বেননিকোভ আগ্নেয়গিৰিটোৱে প্ৰায় ৬০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে পুনৰ জাগ্ৰত হৈছে৷ এই ঘটনা যোৱা সপ্তাহত ৰাছিয়াত হোৱা শক্তিশালী ভূমিকম্পৰ সৈতে জড়িত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ কামচাটকাত আগ্নেয়গিৰি উদগীৰণ সন্দৰ্ভত উদ্ধাৰকাৰী দলৰ মুৰব্বী অলগা গিৰিনাই কয়, ভূমিকম্পৰ পিছত এই অঞ্চলৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰি ক্লিউছেভস্কয়ৰ উদ্গীৰণ ঘটিছে৷
ইনষ্টিটিউট অৱ ভলকেন’লজী এণ্ড ছিজম’লজীৰ টেলিগ্ৰাম চেনেলত গিৰিনাই লগতে কয় যে ক্ৰাচেনিনিকোভৰ শেষৰটো উদ্গীৰণ ১৪৬৩ চনৰ আশে-পাশে সংঘটিত হৈছিল আৰু তাৰ পিছত কোনো উদ্গীৰণ নথিভুক্ত হোৱা নাই৷ কামচাটকাত ৰাছিয়াৰ জৰুৰীকালীন পৰিস্থিতি মন্ত্ৰণালয়ে ধোঁৱা-ছাই আদি ৬,০০০ মিটাৰ [৩.জ্জ মাইল] পৰ্যন্ত ওপৰলৈ উঠি যোৱাৰ বাতৰি প্ৰকাশ কৰিছে৷
আগ্নেয়গিৰিটোৰ উচ্ছতা ১৮৫৬ মিটাৰ৷’ ছাইৰ দ্বাৰা সৃষ্ট ডাৱৰ পূব দিশলৈ প্ৰশান্ত মহাসাগৰৰ ফালে গতি কৰি আছে আৰু বৰ্তমান জনবসতিপূৰ্ণ অঞ্চলৰ বাবে কোনো ভাবুকি কঢ়িয়াই অনা নাই,’ মন্ত্ৰণালয়ে টেলিগ্ৰাম চেনেলত প্ৰকাশ কৰিছে৷

