Minister UG Brahma । গৃহ সমষ্টিত কেইবাটাও কামৰ শুভাৰম্ভ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ৷বিটিআৰত বাথৌ মন্দিৰ হলে নামঘৰো হ’ব লাগিব- মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

তামুলপুৰৰ মাজমজিয়াত আজি তামুলপুৰ জিলা ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এক মাংগলিক ৰীতি পৰিৱেশত জিলা ইউপিপিএলৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই। কাৰ্যালটো আনুষ্ঠানিকভাৱে মুকলি কৰি উদ্বোধনী সভাত মন্ত্ৰী গৰাকীয়ে কয়— আমি বিটিআৰবাসী ৰাইজ একলগ হৈ থাকিলেহে আমাক ৰাইজে বিটিআৰৰ সমাজ বুলি কব। বিটিআৰত শান্তি, সম্প্ৰতি, সমন্বয় হলেহে আমি সকলো জাতি জনগোষ্ঠীৰ লোকে একেলগে কাম কৰি বিটিআৰ খনক আগুৱাই নিব পাৰিম। আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চিন্তাৰে আগবাঢ়িলে আমি এক ভাৰতীয় সমাজ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম ৷

বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীকলৈ আমাৰ সপোন আছে ৷ আমাৰ সপোন পূৰণ কৰিবলৈ হলে আমি সকলোৱে মিলা প্ৰীতিৰে বিটিআৰত বসবাস কৰিব লাগিব। বিটিআৰত এক হৈ যিয়ে কাম কৰিব নিবিচাৰে তেতিয়া আমি কোৱা শান্তি, সম্প্ৰীতি, সমন্বয়ৰ কথা বহু দূৰলৈকে গুচি যাব। ভাষণ প্ৰসংগত তেওঁ পুণৰ কয়— বিটিআৰত বাথৌ মন্দিৰ হলে নামঘৰো হ’ব লাগিব ৷ জাতি ধৰ্মৰ নাম লৈ কাম কৰিলে একতা উভতি নাহে ৷ কোনোবাই যদি এনে কাম কৰিব বিচাৰিছে তেনেহলে বিটিআৰত একতা, সমন্বয়, শান্তি নাহে। প্ৰমোদ বড়ো থকালৈকে আমাৰ উদ্দেশ্য এক হৈ থাকিব। একতা, সমন্বয়, শান্তি আহিব বিটিআৰত বুলিও মন্তব্য কৰে ৷
তামুলপুৰ জিলা ইউপিপিএলৰ দলৰ উপ সভাপতি বিপুল বসুমতাৰীয়ে আঁত ধৰা সভাখনত বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়— দলৰ কাৰ্যালয় নিৰ্মাণ হ’লেহে এটা দলৰ সুস্থিৰ পৰিবেশ ঘুৰি আহে। শৃংখলাবদ্ধভাৱে কাৰ্যালয়টোত কামকাজ কৰিলে ইতিবাচক ভাৱে জাতি জনগোষ্ঠী সমূহ আগবাঢ়ি যাব। বিগত সময়ছোৱাত আমাক কিছুমানে সমালোচনা কৰিছে প্ৰশংসা কৰিলেও আজিৰ দিনত দলে নিজৰ দলৰ কথা চিন্তা কৰি শক্তিশালী ভাৱে আগবাঢ়ি যাব লাগিব। ভাষণ প্ৰসংগত তেওঁ পুণৰ কয়— স্বাধীনতাৰ ৭০ বছৰ পিছত পাচ বছৰৰ কাৰণে পাঁচখন জিলাত সেৱা কৰিবলৈ সুবিধা পাইছো ৷ জীৱনত সফলতা, বিফলতাৰ হিচাপ নহয়। সংঘৰ্ষ জড়িত বিটিআৰত বহু ধুমুহাৰ পিছত বহু পৰিবৰ্তনৰ হল। এই পৰিবৰ্তন আমি আমাৰ হাতৰ পৰা যাব দিব নোৱাৰোঁ ৷
আজিৰ ৰাজনীতি বেয়াৰ ফালে লৈ যাব দিব নোৱাৰোঁ বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আদৰণি ভাষণ ৰখা সভাখনত তামুলপুৰ জিলা ইউপিপিএলৰ দলৰ সম্পাদক গণেশ নাথ বাণেশ্বৰ বড়ো, তামুলপুৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, কেন্দ্ৰীয় সমিতিৰ মহিলা কোষৰ সভানেত্ৰী হেলিনা বসুমতাৰী, পৰিষদ পবিত্ৰ বড়ো লগতে ইউপিপিএল দলৰ কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে। ইপিনে কাৰ্যালয় উদ্বোধনী সভাৰ লগত সংগতি ৰাখি তামুলপুৰ জিলা ইউপিপিএল দলৰ যুৱ শাখাৰ সভাপতি উৎপল তালুকদাৰ আৰু ইউপিপিএলৰ নেতা ৰেবেন বড়োৰ নেতৃত্বত ছয় শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। আনহাতে আজি দিনটোৰ ভাগত বিটিআৰ প্ৰধান গৰাকীয়ে তামুলপুৰৰ কেবাটাও উন্নয়ন মূলক কামৰ শুভাৰম্ভ কৰে ৷

