ভাৰত-চীন সীমা (Kangana Ranaut) বিবাদক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বক্তব্যই ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছিল। উচ্চতম ন্যায়ালয়ে ৰাহুলৰ বক্তব্যক তীব্ৰ ধমক দিয়াৰ লগে লগে বিজেপি সাংসদ কংগনা ৰানাৱটে সুযোগ গ্ৰহণ কৰি ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰে।
ভাৰত-চীন সীমা বিবাদক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিয়া বক্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ বক্তব্যক তীব্ৰ ধমক দিয়াৰ লগে লগে সুযোগ গ্ৰহণ কৰি বিজেপিৰ সাংসদ কংগনা ৰানাৱটে তেওঁক কথাৰে আক্ৰমণ কৰে। কংগনাই ৰাহুল গান্ধীক ‘জাতীয় বিৰোধী চিন্তাধাৰা’ আৰু ‘শত্ৰু দেশক সমৰ্থন কৰা’ বুলিও অভিযোগ উত্থাপন কৰিছে।
হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কংগনা ৰানাৱটে কয় যে ৰাহুল গান্ধীয়ে সদায় ভাৰতৰ বিৰুদ্ধে কথা কয়, সেয়া অৰ্থনীতি হওক বা প্ৰতিৰক্ষা বাহিনী হওক। শত্ৰু দেশৰ সমৰ্থনত কথা কয়। তেওঁৰ মানসিকতা ভাৰত বিৰোধী। সেয়েহে, এয়া উচ্চতম ন্যায়ালয়ৰ আদৰণীয় পদক্ষেপ। ভবিষ্যতে আনে যাতে ভাৰতৰ সন্মান, অখণ্ডতা আৰু মনোবলত আঘাত নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
২০২২ চনৰ ১৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা ‘ভাৰত জোডো যাত্ৰা’ৰ সময়ত ৰাহুল গান্ধীয়ে সংবাদমেলত কয় যে, “চীনে ২০০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূমি দখল কৰিছিল, ২০ জন জোৱানক হত্যা কৰিছিল আৰু অৰুণাচলত আমাৰ জোৱানক প্ৰহাৰ কৰিছিল। কিন্তু ভাৰতীয় সংবাদ মাধ্যমে এই কথাত প্ৰশ্ন উত্থাপন নকৰে।” উচ্চতম ন্যায়ালয়ে এই বক্তব্যক দায়িত্বহীন বুলি অভিহিত কৰি ৰাহুলক ধমক দিয়ে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহে ৰাহুলৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে। আদালতে প্ৰশ্ন কৰে, “আপুনি কেনেকৈ জানিলে যে চীনে ২০০০ বৰ্গ কিলোমিটাৰ মাটি দখল কৰিছিল? আপোনাৰ হাতত কি প্ৰমাণ আছে? যদি আপুনি এজন প্ৰকৃত ভাৰতীয় হয় তেন্তে সীমান্তত উত্তেজনাৰ সময়ত এই কথা নক’ব।” আদালতে লগতে কয় যে ৰাহুলে সংসদত উত্থাপন কৰাৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াত কিয় এইবোৰ কথা ক’লে? এনেধৰণৰ বক্তব্যই দেশৰ মনোবল ভাঙিব পাৰে বুলি আদালতে বিশ্বাস কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ এনে কথাত কংগনা ৰানাৱত আনন্দত আত্মহাৰা হৈ পৰিল। ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ কৰি কয়, “এয়া অতি ভাল সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ে ৰাহুলক সঠিক শিক্ষা দিলে। ইয়াৰ দ্বাৰা আনকো সতৰ্ক কৰি দিয়া হ’ব যে দেশৰ সন্মান, ঐক্য আৰু মনোবলত আঘাত নিদিয়ে।”

