বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ’ল দৰং জিলা পৰিষদ । Darrang


Darrang । বহুদিনৰ অপেক্ষাৰ অন্তত মঙলবাৰে গঠন কৰা হ’ল দৰং জিলা পৰিষদ। জিলা খনৰ মুঠ ১২ খন আসনৰ ভিতৰত ৬ খন বিজেপি, ১ খন অগপ, ৪ খন কংগ্ৰেছ আৰু ১ খন ৰাইজৰ দলে লাভ কৰা পৰিপ্ৰেক্ষিতত এই জিলা পৰিষদ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত হয়।

দুয়োখন শীৰ্ষ পদ — সভাপতি আৰু উপ-সভাপতি — এইবাৰ মহিলা সংৰক্ষিত আছিল। সভাপতি পদত হাউলি জিলা পৰিষদ সমষ্টিৰ বিজেপি সদস্য শেৱালী গোস্বামী কলিতা আৰু উপ-সভাপতি পদত কুৰুৱা-হাজৰিকাপাৰা সমষ্টিৰ বিজেপি সদস্য পৰিস্মিতা নাথ নিৰ্বাচিত হয়।

এদিন আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে সভাপতি আৰু উপ-সভাপতি পদৰ বাবে গোপন ভোটগ্ৰহণ অনুষ্ঠিত হয়। কংগ্ৰেছ দলৰ তৰফৰ পৰা সভাপতি পদত মুক্তা দেৱী মণ্ডল আৰু উপ-সভাপতি পদত নিলোৱাৰা ইয়াচমিনৰ নাম প্ৰস্তাৱ কৰা হৈছিল। গোপন ভোটত বিজেপি প্ৰাৰ্থীসকলে ৭ টাকৈ ভোট লাভ কৰে, কংগ্ৰেছ প্ৰাৰ্থীসকলে ৪ টাকৈ ভোট আৰু ১ টা ভোট বাটিল হিচাপে গণ্য হয়। ফলস্বৰূপে শেৱালী গোস্বামী কলিতা সভাপতি আৰু পৰিস্মিতা নাথ উপ-সভাপতি ৰূপে নিৰ্বাচিত হন।

এই গঠনত উল্লেখযোগ্য যে, ২০২৩-২৪ বৰ্ষত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত দৰং জিলা পৰিষদত বিজেপিয়ে অভূতপূৰ্ব সাফল্য লাভ কৰিছিল। জিলা পৰিষদৰ বিভিন্ন আসনত জয়লাভ কৰা প্ৰাৰ্থীসকল হৈছে:

  • দুমুনিচকী-বৰদৌলগুৰি – চণ্ডীচৰণ চৌধুৰী (অগপ)
  • কুৰুৱা-হাজৰিকাপাৰা – পৰিস্মিতা নাথ (বিজেপি)
  • দুনী-পথৰুঘাট – ৰূপালী দেৱী (বিজেপি)
  • দেওমৰনৈ-টেঙাবাৰী – হেমন্ত কুমাৰ ডেকা (বিজেপি)
  • ৰঙামাটি – বিতুপণ ডেকা (বিজেপি; বিনা প্ৰতিদ্বন্দিতাত জয়ী)
  • চপাই – অনিতা ৰাজবংশী (বিজেপি)
  • হাউলি – শেৱালী গোস্বামী কলিতা (বিজেপি)
  • মোৱামাৰী – মুক্তা দেৱী মণ্ডল (কংগ্ৰেছ)
  • অপৰিয়া-শ্যামটিলা – ময়ুৰী খাতুন (ৰাইজৰ দল)
  • বিহুদিয়া – ৰাকিব উদ্দিন আহমেদ (কংগ্ৰেছ)
  • বেছিমাৰী – মুহিবুদ্দিন আহমেদ (কংগ্ৰেছ)
  • শ্যামপুৰ – শাহনাজ নিলোৱাৰা ইয়াচমিন (কংগ্ৰেছ)

মঙলবাৰৰ শপত গ্ৰহণ আৰু দায়িত্ব গ্ৰহণ অনুষ্ঠানত বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বিজেপিৰ জিলা সভাপতি মুকুন্দ ডেকা, উপ-সভাপতি প্ৰতাপ বৰদলৈ, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস কুমাৰ দাস আদি উপস্থিত থাকিলে লগতে বিজেপি আৰু কংগ্ৰেছ দলৰ বহু নেতা-কর্মী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বিজেপিয়ে জিলা পৰিষদৰ নেতৃত্ব দখল কৰি দৰং জিলাত তেওঁলোকৰ সাংগঠনিক শক্তিৰ প্ৰমাণ দিছে বুলি পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে।

হিমন্তৰ চৰকাৰক লৈ কি ক’লে ৰাইজে UNCUT

Related Articles