e-rickshaw । নগাঁও জিলাৰ ৰহা পৌৰসভাই ই-ৰিক্সা চলাচলত বিশেষ নিৰ্দশনা প্ৰদান কৰিছে। আজি ৰহা পৌৰপতিৰ স্বাক্ষৰিত আৰ,এম,বি,/ই-ৰিক্সা/২৩১/২০২৫-২৬/02 নম্বৰৰ নিৰ্দেশনা অনুসৰি অহা ৬ আগষ্ট তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্ল্যেখ্য যে, ৰহা পৌৰসভাৰ সভানেত্রী সভাপতিত্বত তেখেতৰ কাৰ্য্যালয় যোৱা ১৫ জুন,২০২৫ তাৰিখে অনুষ্ঠিত সভাৰ সিদ্ধান্ত মর্মে ৰহাপৌৰ সভা এলেকাৰ ভিতৰত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত নির্দেশনাসমূহ জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি ৰহা পৌৰসভা এলেকাত ই-ৰিক্সা চলাবলৈ হ’লে ৰহাপৌৰ সভাত পঞ্জীয়নভুক্ত হোৱাতো বাধ্যতামূলক।

পঞ্জীয়ন নথকা ই-ৰিক্সা ৰহা পৌৰসভা এলেকাত চলাচল কৰিব নোৱাৰিব। অন্যথা ২০০০(দুই হাজাৰ টকা) জৰিমনা বিহা হ’ব। তদুপৰি সকলো ই-ৰিক্সা চালকে ৰহা পৌৰসভাই যোগান ধৰা ই-ৰিক্সা নম্বৰৰ ফলক সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ই-ৰিক্সা সম্মুখ ভাগত লগাব লাগিব।ৰহা পৌৰসভা এলেকাত ৰহা পৌৰ সভাৰ পৰা অনুমোদিত ই-ৰিক্সাৰ বাহিৰে অন্য কোনো ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব। পূৱা ৫ বজাৰ পৰা নিশা ১ বজালৈকেহে ই-ৰিৰ্ক্সা সমূহ চলাচল কৰিব পাৰিব।
প্রতিখন ই-ৰিক্সাৰ সোঁ ফালটো গ্ৰীলেৰে বন্ধ কৰা হ’ব লাগিব। ই-ৰিক্সা সমূহৰ আগফাল ও পিছফালে হালধীয়া ৰিফ্লেক্তৰ টেপ লগোৱাটো বাঞ্চনীয়।ই-ৰিক্সা চালকে কোনো ধৰণৰ নিচাযুক্ত দ্রব্য সেৱন কৰি ই-ৰিক্সা চলাব নোৱাৰিব। অন্যধা অনুমোদন নাকচ কৰা হ’ব।
চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্রী বহুবাব নোৱাৰিব। চালকৰ সৈতে সর্বমুঠ ৫ (পার্ট) জন আৰি এখন ই-ৰিক্সাত যাতায়ত কৰিব পাৰিব।চালকে ই-ৰিক্সা চলোৱাৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব। অন্যথা ৫০০ টকা জৰিমনা ভৰিব লাগিব। ভাৰা নিৰিখমতে ল’ব লাগিব। প্রথম কিলোমিটাৰ ১০.০০ টকা আৰু তাৰ পিছত প্রতি কিলোমিটাৰৰ বাবদ ৫.০০ টকা আদায় ল’ব পাৰিব।তিনিআলি, চাৰিআলি সমূহৰ ১০ মিটাৰৰ ভিতৰত ই-ৰিক্সাই যাত্রী উঠোনা নমোৱা কৰিব নোৱাৰিব।যাত্রী উঠোৱা-নমোৱা কৰিবলৈ কোনো ই-ৰিক্সা ১ মিনিটতকৈ বেছি সময় ৰ’ব নোৱাৰিব। লগতে ই-ৰিক্সাৰ বাবে চহৰত কোনো নির্দিষ্ট পার্কিং স্থান নাথাকে বুলি উল্লেখ কৰি
এই নিয়মসমূহ অহা ০৬-০৮-২০১৫ তাৰিখৰ পৰা পৰবৰ্তী নির্দেশ পর্য্যন্ত কাৰ্য্যক্ষম হ’ব আৰু নিয়ম সমূহ উলংঘা কৰিলে আইনমতে দণ্ডনীয় হ’ব বুলি নিৰ্দেশনা প্ৰদান কৰিছে।
প্ৰেৰক, বুলন চন্দ্ৰ নাথ। ৰহা ।।
ছবি বাতৰিৰ লগত গৈছে ।

