আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ঢোলমাৰা অঞ্চলৰ এগৰাকী কনমানি

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ঢোলমাৰা অঞ্চলৰ এগৰাকী কনমানিয়ে। নৃত্য জগতত জিলিকি উঠিছে কণমানি নৃত্য শিল্পীগৰাকী । বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনাইছে কনমানিগৰাকীক।


কোকৰাঝাৰ জিলাৰ ঢোলমাৰা কামাৰ পাৰা গাঁৱৰ অতি দৰিদ্ৰ গোপাল বৰ্মন আৰু বিফুলী বৰ্মনৰ একমাত্ৰ কন্যা গীতাঞ্জলি বৰ্মনে কঢ়িয়াই আনিছে নৃত্য জগতত বৃহৎ সফলতা। ষষ্ঠ শ্ৰেণীত পঢ়া গীতাঞ্জলি বৰ্মনে নিজ মাতৃৰ পৰা নৃত্যৰ অনুপ্ৰেৰণা লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখলেৰে কঢ়িয়াই আনিছে এই সফলতা।

গীতাঞ্জলি ঘৰত উপস্থিত হয় আক্ৰাচু, আছা, গৰিয়া মৰিয়া দেশী সংগঠনৰ নেত্ৰী বৰ্গ আৰু সুনাম কঢ়িয়াই অনা নৃত্য শিল্পীগৰাকী আৰু পিতৃ-মাতৃক জনগোষ্ঠীয় গামোচাৰে সম্বৰ্ধনা দিয়া দেখা যায়। লগতে শিল্পীগৰাকীৰ ভবিষ্যতৰ উজ্জল কামনা কৰে।

Related Articles