মঙলদৈ পুনিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনা। কন্যাক স্কুলৰ পৰা নিবলৈ আহি মাতৃ সহ ছাত্ৰী দুৰ্ঘটনাত পতিত হয়। পূৰৱী ডেকা ৰাজবংশী নামৰ মহিলা গৰাকীয়ে মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা কন্যাক লৈ ঘৰলৈ গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী বলে’ৰো পুনিয়াৰ জৰাজীৰ্ন পথত সংঘটিত হয় এই দুৰ্ঘটনাটো।
আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত মহিলা গৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰে মহিলা গৰাকীক। মাতৃৰ লগতে ৭ বছৰীয়া কন্যা কৃতি কংকনা ৰাজবংশীৰো আঘাতপ্ৰাপ্ত হয়।

