Narendra Modi: গালোৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিব মোদীয়ে

শুল্ক যুদ্ধৰ মাজতে ২০২০ (Narendra Modi) চনত সংঘটিত হোৱা গালৱান সংঘৰ্ষৰ পিছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তাত তেওঁ চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব৷ ৩১ আগষ্টৰ পৰাৰ ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত হ’ব এছচিঅ’ শীৰ্ষ সন্মিলন৷ লক্ষণীয় যে ইয়াৰ পূৰ্বে ২০১৯ চনত মোদীয়ে চীন ভ্ৰমণ কৰিছিল৷ প্ৰথমতে প্ৰধানমন্ত্ৰী মোদীয়ে এছ চি অ’ৰ সদস্য দেশৰ সৈতে আঞ্চলিক নিৰাপত্তা, সন্ত্ৰাসবাদ আৰু বাণিজ্য সন্দৰ্ভত কথা পাতিব বুলি খবৰ ওলাইছে৷ লগতে বৰ্তমানৰ এই ভ্ৰমণৰ সময়ত আলোচনাৰ জৰিয়তে ভাৰত-চীনৰ সম্পৰ্কত সুস্থিৰতা ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হ’ব৷

এই সন্মিলনৰ সময়ত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতেও পৃথক পৃথক বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বে ২০২৪ চনৰ অক্টোবৰ মাহত কাজানত অনুষ্ঠিত ব্ৰিকছৰ সন্মিলনত মোডী-জিনপিঙৰ বৈঠকত মিলিত হৈছিল৷ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে কয় যে শুল্ক যুদ্ধৰ পৰিপ্ৰেক্ষিতত মোডীৰ চীন ভ্ৰমণ তাৎপৰ্যপূৰ্ণ৷ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ অভিযোগত ভাৰতকে ধৰি কেইবাখনো দেশৰ ওপৰত বৃহৎ নতুন শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ ইয়াৰ উত্তৰত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে আমেৰিকাই নিজৰ আধিপত্য বৃদ্ধিৰ বাবে ‘নব্য উপনিবেশিকতাবাদ’ৰ নীতি অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে৷ ৰাছিয়াই দাবী কৰিছে যে কোনো শুল্ক যুদ্ধ বা নিষেধাজ্ঞাই বন্ধুত্বপূৰ্ণ দেশৰ সৈতে সম্পৰ্কৰ ইতিহাস সলনি কৰিব নোৱাৰে৷ মস্কোৱে কাৰ্যতঃ উৰুৱাই দিছে ট্ৰাম্পৰ ভাবুকি৷

এই ভাবুকি আৰু টিয়ানজিনত পুটিন-মোডীৰ বৈঠকত সমগ্ৰ বিশ্বই চকু ৰাখিব৷ আনহাতে, দিল্লীৰ কূটনৈতিক কৌশল হৈছে বৰ্তমানৰ ভ্ৰমণৰ সময়ত চীনৰ সৈতে পহলগাঁও আক্ৰমণত পাকিস্তানৰ ভূমিকা সম্পৰ্কে আনুষ্ঠানিকভাৱে উত্থাপন কৰা৷

Related Articles