India Defence: অধিক শক্তিশালী হ’ব ভাৰতৰ অস্ত্ৰভাণ্ডাৰঃ ভাৰতে কিনিব এশৰো অধিক ব্ৰহ্মছ, ড্ৰোন

ভাৰতৰ অস্ত্ৰভাণ্ডাৰ শক্তিশালী হ’বলৈ (India Defence)গৈ আছে৷ ভাৰতীয় সেনাৰ বাবে অধিক উন্নত ড্ৰ’ন আৰু ব্ৰহ্মছ মিছাইল ক্ৰয় কৰাৰ পৰিকল্পনা চূড়ান্ত কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে৷ ৰাজনাথ সিঙৰ মন্ত্ৰালয়ে অস্ত্ৰ ক্ৰয় আৰু ৰক্ষণাবেক্ষণৰ বাবে ৬৭ হাজাৰ কোটি টকাৰ চুক্তিত প্ৰাৰম্ভিক অনুমোদন প্ৰদান কৰিছে৷ মঙলবাৰে ৰাজনাথৰ নেতৃত্বত এখন উচ্ছ পৰ্যায়ৰ বৈঠকত প্ৰতিৰক্ষা সঁজুলি ক্ৰয় সন্দৰ্ভত সৰ্বোচ্ছ সিদ্ধান্ত গ্ৰহণ সমিতি [ডিফেন্স এক্‌ভিজিচন কাউন্সিল বা ডিজিচি]ৰ বৈঠক অনুষ্ঠিত হয়৷ সেই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ৮৭খন সশস্ত্ৰ ড্ৰ’ন ক্ৰয় কৰা হ’ব৷ এই ড্ৰ’নসমূহৰ বাবে এটা ভাৰতীয় প্ৰতিৰক্ষা কোম্পানীয়ে বিদেশী কোম্পানী এটাৰ সৈতে চুক্তিবদ্ধ হ’ব৷ সেই ড্ৰ’নসমূহ ৬০ শতাংশ ঘৰুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা হ’ব৷ সামৰিক বিশেষজ্ঞসকলৰ মতে মধ্যম দূৰত্বৰ দীৰ্ঘ সহনশীলতা [MAL] থকা এই সশস্ত্ৰ ড্ৰ’নসমূহ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ৷

বৰ্তমান যিকোনো যুদ্ধ বা সংঘাতত ড্ৰ’নে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ ইয়াৰ চাহিদাও দিনক দিনে বাঢ়িছে৷ ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত তিনিওটা ভাৰতীয় সেনাই এই সশস্ত্ৰ ড্ৰ’নৰ প্ৰয়োজনীয়তা বুজি পাইছিল৷ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আশা কৰিছে যে নতুন মাল ড্ৰোনবোৰ উন্নত মানৰ হ’ব, যিয়ে শত্ৰুৰ ঘাটি আক্ৰমণ কৰি উভতি আহিব৷ এনে ৮৭খন ড্ৰ’ন ক্ৰয় কৰিবলৈ ভাৰতে প্ৰায় ২০ হাজাৰ কোটি টকা খৰচ কৰিব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে৷ লগতে এই আটাইকেইটা ড্ৰ’ন ক্ৰয় কৰাৰ পিছত ১০ বছৰলৈ ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে আৰু ১১ হাজাৰ কোটি টকা ব্যয় হ’ব বুলিও তেওঁ কয়৷ কেৱল ড্ৰ’নেই নহয়, ভাৰতে আৰু অধিক ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে৷ ব্ৰহ্মছ হৈছে বিশ্বৰ অন্যতম দ্ৰুততম ক্ৰুজ মিছাইল৷

এই ছুপাৰছনিক ক্ৰুজ মিছাইলটো ৰাছিয়াৰ সৈতে যৌথ উদ্যোগত দেশখনৰ প্ৰতিৰক্ষা গৱেষকসকলে নিৰ্মাণ কৰিছে৷ ইয়াৰ মূল চাৰিটা শ্ৰেণী আছে৷ সেনাই যুদ্ধ জাহাজ, ছাবমেৰিন, যুদ্ধ বিমান আৰু স্থল বাহিনীৰ লঞ্চাৰৰ পৰা শত্ৰুৰ ওপৰত ‘ব্ৰহ্ম’ নিক্ষেপ কৰিব পাৰে৷ এই ক্ষেপণাস্ত্ৰৰ ডিজাইনত দেশৰ প্ৰতিৰক্ষা গৱেষণা সংস্থা ডি আৰ ডি অ’ [ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেচন] আৰু মস্কোৰ এন পি অ’ মাছিনোষ্ট্ৰ’নিয়াৰ হাত আছে৷ এতিয়া ভাৰতে নিজৰ অস্ত্ৰভাণ্ডাৰত আৰু ১১০টা ব্ৰাহ্মো সংযোজন কৰাৰ সিদ্ধান্ত লৈছে৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমোদন জনাইছে৷

Related Articles