Tramp। ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা নহয়ঃ ট্ৰাম্প

আমেৰিকা আৰু ভাৰতৰ মাজত শুল্ক সন্দৰ্ভত সৃষ্টি হোৱা উত্তেজনা দিনক দিনে বৃদ্ধি পাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত একেলগে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত বৃহস্পতিবাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে, বৰ্তমান ভাৰতৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক আলোচনা নহয়।
‘অ’ভেল অফিচ’ত সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে কয়, “যেতিয়ালৈকে শুল্ক সন্দৰ্ভত চলি থকা বিবাদৰ সমাধান নহয়, তেতিয়ালৈকে এই বিষয়টো চূড়ান্ত নহয় আৰু ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্থগিত থাকিব।”
ANI ৰ এজন সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে বুজাই দিয়ে যে, ভাৰতৰ ওপৰত ৫০% শুল্ক ঘোষণা কৰাৰ পিছতো তেওঁ কোনো আলোচনা আৰম্ভ কৰাৰ কথা নাভাবিছে। তেওঁৰ স্পষ্ট বাক্য, “নাই, যেতিয়ালৈকে এই বিষয়টো সমাধান নহয়।”
সূত্ৰ অনুসৰি, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখাৰ ফলত আমেৰিকা বিশেষভাৱে অসন্তুষ্ট। ইয়াৰ বাবে প্ৰথমে ২৫ শতাংশ আৰু তাৰ পিছত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে আমেৰিকাই, যাৰ যোগফল ৫০ শতাংশ হয়।
ইপিনে, আমেৰিকাৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়ভাৱে কৈছে, “আমাৰ কৃষকৰ স্বাৰ্থ সৰ্বোচ্চ অগ্ৰাধিকাৰ। কৃষক, পশুপালক আৰু মাছমৰীয়া ভাই-ভনীৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰে। কৃষকৰ হিত ৰক্ষা কৰাত ভাৰতে সদায় দৃঢ়।”
এই সংঘাতৰ ফলত দুই দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক আগন্তুক দিনত আৰু কঠিন হোৱাৰ সম্ভাৱনা আছে বুলি বিশ্লেষকে মন্তব্য কৰিছে।

