Assam Cabinet । অসম চৰকাৰৰ আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত একগুচ্ছ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে যে অহা নৱেম্বৰত ৰাজ্য চৰকাৰৰ প্ৰায় ৪ লাখ কৰ্মচাৰীক দৰমহাৰ সৈতে ১০০০ টকাকৈ অতিৰিক্ত ধন প্ৰদান কৰা হ’ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৪০ কোটি টকা ব্যয় কৰিব।
তথাপি এই অতিৰিক্ত ধনৰাশি কিতাপৰ বৰ্ষ উদযাপনৰ বিশেষ উদ্দেশ্যে প্ৰদান কৰা হ’ব। চৰকাৰী কৰ্মচাৰীয়ে এই ১০০০ টকাৰে কিতাপ ক্ৰয় কৰি তাৰ ৰছিদ নিজ নিজ বিভাগৰ মুখ্য কাৰ্যালয়ত জমা দিব লাগিব। ৰছিদ জমা নিদিলে পৰৱৰ্তী মাহত দৰমহাৰ পৰা সমান ধন কাটি লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে।
কিতাপৰ বৰ্ষৰ অন্য সিদ্ধান্তসমূহ
- ৰাজ্যৰ ১০০০ জন যুৱ লেখকক উৎসাহ প্ৰদানৰ বাবে ২৫ হাজাৰকৈ এককালীন সাহায্য। অসম প্ৰকাশন পৰিষদে তালিকা চূড়ান্ত কৰিব।
- জিলা সদৰত আয়োজিত গ্ৰন্থমেলাৰ বাবে ৫ লাখ টকা আৰু সম-জিলাৰ বাবে ২.৫০ লাখ টকা সহায়।
- ১৬ আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথিক গামোচা আৰু কিতাপৰে সম্বৰ্ধনা।
- সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱনীমূলক গ্ৰন্থ ১ জানুৱাৰীত পোৱাকৈ ১২ লাখ পৰিয়াললৈ বিতৰণ। অৰুণোদয় হিতাধিকাৰীকো কিতাপ প্ৰদান।
অন্য গুৰুত্বপূৰ্ণ সিদ্ধান্ত
- অংগনবাড়ী সহায়িকাক কৰ্মীলৈ পদোন্নতিৰ বয়স সীমা ৪৫ৰ পৰা ৫০ বছৰৰলৈ বৃদ্ধি।
- অসম ফৰেষ্ট প্ৰটেকচন ফ’ৰ্চ আৰু ফ্ৰণ্টলাইন ষ্টাফৰ ৰেচন ভাতা মাহে ২০০০ৰ পৰা ২৫০০ টকালৈ বৃদ্ধি।
- মিছন বসুন্ধৰা ৩.০ৰ অধীনত নামঘৰ, বিদ্যালয়-মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয় আদি প্ৰতিষ্ঠানলৈ মাটি দিয়াৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ।
- ভূমি আবণ্টনৰ বাবে প্ৰায় ৩৬ হাজাৰ প্ৰস্তাৱত অনুমোদন।
- বিটিআৰত উন্নয়ন খণ্ড ২২ৰ পৰা ২৩ত বৃদ্ধি, বাক্সা জিলাৰ গোৱৰ্ধনাত নতুন বিডিঅ’ কাৰ্যালয় স্থাপন।
বিনিয়োগ আৰু পৰিকাঠামো উন্নয়ন
- ১,৮৪৩ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত অনুমোদন।
- এডভাণ্টেজ আছাম ৩.০ৰ অধীনত চাৰিখন বুজাবুজিৰ চুক্তি অনুমোদিত।
- ভেলী ষ্ট্ৰং চিমেণ্টঃ ৪৮০ কোটি টকা
- ষ্টাৰ চিমেণ্ট নৰ্থইষ্টঃ ৬৫০ কোটি টকা (গোলাঘাট)
- গুৱাহাটী নতুন হোটেল প্ৰকল্পঃ ১৩০ কোটি টকা
- পেপচিৰ চফ্ট ড্ৰিংকছ প্ৰকল্পঃ ৫৮৩ কোটি টকা
- মাজুলী, আমিনগাঁও, ডিফু, কলিয়াবৰ, বঙাইগাঁও আৰু শিলচৰৰ ৬টা চাইন চেণ্টাৰৰ বাবে ১৭৮ কোটি টকা অতিৰিক্ত অনুমোদন।
এই সকলো সিদ্ধান্তে ৰাজ্যৰ শিক্ষা, সংস্কৃতি, পৰিকাঠামো আৰু অৰ্থনৈতিক বিকাশত দীঘলীয়া প্ৰভাৱ পেলাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে।

