
Photography । গুৱাহাটী মহানগৰীৰ অন্তৰ্গত আমচং চাহবাগিছাৰ মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত আজিৰ দিনটোত অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত কৰা গৃহকৰ্ম আৰু বিজ্ঞান প্ৰকল্পৰ বিশেষ প্ৰদৰ্শনী, লগতে প্ৰকৃতিৰ বিভিন্ন পৰিৱেশত তোলা ফটোৰ ফটোগ্ৰাফী প্ৰতিযোগিতা।
গৃহকৰ্মৰ প্ৰদৰ্শনীত প্ৰায় ৪০ গৰাকী ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰে। মাটিৰে নিৰ্মিত কল, আম, আপেল, গৰু, হাতী, চৰাই, কাগজৰ ফুল, ভিন্নৰঙী ফুলৰ বুকে, মহান ব্যক্তিৰ প্ৰতিচ্ছৱি আদিৰে প্ৰদৰ্শনী শোভিত হয়। আনহাতে, প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী ফটোগ্ৰাফী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। চূড়ান্ত পৰ্যায়ত নিৰ্বাচিত ২০ টা ফটোৰ পৰা তিনিগৰাকী প্ৰতিযোগী শ্ৰেষ্ঠৰ সন্মান লাভ কৰে।
অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত আছিল নুমলীগড় ৰিফাইনেৰীৰ জেষ্ঠ প্ৰৱন্ধক অনিল ডেকা আৰু বীনাপানি হিন্দী বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্বৰ্ণলতা ডেকা। তেখেতে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহব্যঞ্জক বক্তব্য প্ৰদান কৰে। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মথুৰামোহন নাথে কয়, “এনে ধৰণৰ প্ৰদৰ্শনমূলক কৰ্মই সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰীক সৃষ্টিশীল কৰ্মত নিয়োজিত হ’বলৈ প্ৰেৰণা যোগায়। পঢ়া-শুনাৰ লগতে হাতে-কামে কৰা কৰ্মো সমান গুৰুত্বপূৰ্ণ, কিয়নো সমাজত সৃষ্টিশীল গুণৰে প্রতিষ্ঠা লাভ কৰা বহুতো উদাহৰণ আছে।”
পুৰস্কাৰসমূহ বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামী, শিক্ষক যদুমনি দিহিঙীয়া আৰু কুলদীপ শেনছোৱাই আগবঢ়ায়। বিশেষভাৱে, নুমলীগড় ৰিফাইনেৰীৰ জেষ্ঠ প্ৰৱন্ধক অনিল ডেকাৰ প্ৰচেষ্টাত কৰ্পোৰেট সামাজিক দায়বদ্ধতা ফাণ্ডৰ জৰিয়তে বিদ্যালয়ে প্ৰায় ২ লাখ টকাৰ ডেস্ক-বেঞ্চ, চকী-মেজ, আলমিৰা আৰু বুকচেল্ফ লাভ কৰে। বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক বিশেষ সম্বর্ধনা জনোৱা হয়।
অনুষ্ঠানটি সুষ্ঠুভাৱে পৰিচালনা কৰে শিক্ষক ৰাতুল বৰা, মুনমী বৰুৱা, অমিত পোৰেল আৰু দামোদৰ লহকৰে।

