ইউপিপিএল দলৰ নেতাৰ দূৰ্নীতি আৰু এমজি-এনৰেগাৰ কামত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে কলাইগাঁও মৰাবেগাত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ । UPPL

UPPL বিটিচিত নিৰ্বাচন সমাগত। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ সভা সমিতিৰ জড়িয়তে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে নতুন নতুন ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত হৈ থকা সময়তে ওডালগুৰি জিলাৰ কলাইগাঁওৰ ভকতপাৰা ভিচিডিচিৰ মৰাবেগা নামৰ এটা অঞ্চলত আজি এবিএমছুয়ে ইউপিপিএল দলৰ নেতা পালিনেতাই কৰা ভয়াবহ দূৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।

ইউপিপিএল দলৰ প্ৰধান প্ৰমোদ বড়ো হায় হায়, প্ৰমোদ বড়ো গ বেক, ইউপিপিএল হায় হায় আদি ধ্বনিৰে কলাইগাঁও মৰাবেগাৰ সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে। ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ ভকতপাৰা ভিচিডিচি ৰ মৰাবেগা অঞ্চলত বিভিন্ন কাম কাজত ব্যাপক দুৰ্নীতি হোৱাক লৈ এনেদৰে স্হানীয় ৰাইজ আৰু এবিএমছুৰ বিষয়ববীয়া ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰমোদ বড়োৰ ইউ পি পি এল চৰকাৰে যোৱা নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল মৰাবেগা অঞ্চলত সেয়া আজিলৈ কোনো ধৰণৰ সুফল নাপালে ৰাইজে।

প্ৰধানমন্ত্ৰী আবাস গৃহ,এমজি-এনৰেগা ,ৰেচনকাৰ্ড আদিত একাংশ ইউ পি পি এলৰ কৰ্মীয়ে দুৰ্নীতি কৰাক লৈও সৰব হৈ পৰিছে স্হানীয় ৰাইজ তথা এবিএমছুৰ বিষয়ববীয়াসকল।সেয়ে বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে চৰকাৰ বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এইবাৰ পৰিষদীয় নিৰ্বাচনত যদি কোনোবা ইউ পি পি এল দলৰ নেতা সেই অঞ্চলত সোমাই তেন্তে মহিলা সকলৰ হতুৱাই এক উচিত শিক্ষা দিয়াৰো এক কঠোৰ সিদ্ধান্ত প্ৰতিবাদ স্হলিতে লয়। ইফালে ২০২২- ২০২৩ আৰু ২০২৪-২০২৫ বিত্তীয় বৰ্ষত এমজি-এনৰেগাৰ অধীনত মৰাবেগা অঞ্চলত কৰা বহুকেইটা কামত দূৰ্নীতি সংঘটিত হোৱাৰ কথা ৰাজহুৱা কৰে এবিএমছুৰ নেতা হাবিবুল্লাহ আহমেদে । আজি কিছুদিন আগত এই সংক্ৰান্তত জিলাৰ বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ লগতে অভিযন্তা আৰু GRS ক অভিযোগ দিছিল যদিও আজিৰ তাৰিখলৈ কোনোধৰনৰ ন্যায় ৰাইজে লাভ নকৰিলে।

এতিয়া ওডালগুৰি জিলাৰ প্ৰকল্প সঞ্চালকৰ জড়িয়তে জিলা আয়ুক্ত আৰু বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰলৈ পুনৰ মৰাবেগা অঞ্চলত হোৱা দূৰ্নীতিৰ তদন্ত কৰিবলৈ অভিযোগ দাখিল কৰে। মৰাবেগা অঞ্চলৰ ইউপিপিএল দলৰ সদস্য জুলফিগাৰ আলিৰ বিৰুদ্ধেও ৰেচনকাৰ্ড, জবকাৰ্ড আৰু চৰকাৰী ঘৰৰ দিয়াৰ নামত গাঁওৰ সাধাৰণ মানুহৰ পৰা হাজাৰ হাজাৰ টকা ঘোচ লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এবিএমছুৰ ভেৰগাঁও জিলাৰ উপ সভাপতি হাবিবুল্লাহ আহমেদে । ঠিক একেদৰে মেৰাবেগা অঞ্চলত হোৱা এমজি-এনৰেগাৰ কামত সেই সময়ৰ কলাইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ধনী ৰাম পাতৰ, বিভাগীয় অভিযন্তা ইবলিনা ৰহমান আৰু GRS ৰমজান আলী এই আটাইকেইজন লগ হৈ এক বিয়াগোম দূৰ্নীতি সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদ স্হলিৰ পৰা এবিএমছুৰ নেতা হাবিবুল্লাহ আহমেদে। অবশ্যেই এই অভিযোগ কিমান সচাঁ সেয়া বিভাগীয় তদন্তৰ পিছতহে স্পষ্ট হব। এতিয়া এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা চৰকাৰৰে প্ৰতিবাদী ৰাইজক ন্যায় প্ৰদান কৰাৰ নামত কি তদন্ত ঘোষনা কৰে সেয়া হব সময়ত লক্ষ্যণীয়।

Related Articles