Breaking

নগাঁৱত একেদিনাই ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে ১২টাকৈ অনুষ্ঠানৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

0 2,024

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে নগাঁও সদৰ বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ সমষ্টিটোত সকলো ৰাজনৈতিক দলেই ব্যাপক নিৰ্বাচনী কুচকাৱাজ চলাই থকা দেখা গৈছে ৷ বিশেষকৈ শাসনাধিষ্ঠিত বিজেপি দলৰ বিধায়ক ৰূপক শৰ্মাই সমষ্টিটো পুনৰ নিজৰ দখলত ৰাখিবৰ বাবে বিভিন্ন উন্নয়নমূলক কাম-কাজ ৰূপায়ণৰ দ্বাৰা ৰাইজৰ মাজত তৎপৰতা অব্যাহত ৰাখিছে ৷ ইয়াৰ অংশস্বৰূপে আজি বিধায়কগৰাকীয়ে সমষ্টিটোৰ বেবেজীয়া ডিমৌ, বাংথাই গাঁও পঞ্চায়ত, দেওধৰ গাঁও পঞ্চায়তত  আৰু শেনছোৱা গাঁও পঞ্চায়তত ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে আজিৰ পৰা পাঁচ বছৰৰ আগৰ অসমখনৰ লগত আজিৰ সময়ৰ অসমখনৰ মাজৰ পাৰ্থক্য ৰাইজে নিজে দেখিছে ৷ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত, গড়কাপ্তানী আদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল প্ৰচেষ্টাত আজি অসম উন্নয়নৰ শীৰ্ষতম পৰ্যায়লৈ আগবাঢ়িছে ৷ ঠিক একেদৰেই নগাঁও সমষ্টিতো সৰ্বদিশৰ উন্নয়নৰ ছবিখনে বিশেষ সফলতা লাভ কৰিছে ৷ অনাগত দিনত আমাৰ চৰকাৰখনে ৰাইজৰ পদূলিত থিয় হোৱাৰ পৰিৱৰ্তে উন্নয়নমূলক আৰু বহু কৰ্ম-আঁচনি লৈ  ৰাইজৰ লগত থিয় হৈ আমি ৰাইজৰ হৃদয়ত থাকিম বুলিও  বিধায়ক শৰ্মাই মন্তব্য কৰে । আনহাতে বিৰোধী দলক সমালোচনাৰে বিধায়ক গৰাকীয়ে একপ্ৰকাৰ  নিৰ্বাচনী ৰণ শিঙা  বজায় ৷ বিধায়ক শৰ্মাই আজি ‘অসম আদৰ্শ গাঁও যোজনা’ৰ অধীনত বেবেজীয়া চাৰিআলি বজাৰগৃহৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু খোৱা পানী ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহুৱা গৃহ আৰু অনাময় ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া আত্মসহায়ক গোটৰ হস্ততাঁত উৎপাদন আৰু বিক্ৰী কেন্দ্ৰ নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহ গাঁৱৰ অন্তৰ্গত তিনিটা অংগনবাড়ী কেন্দ্ৰ মেৰামতিকৰণৰ লগতে ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷আনহাতে দেওধৰ গাঁও পঞ্চায়তত আজি বিধায়ক ৰূপক শৰ্মাই আধাৰশিলা স্হাপন কৰা উন্নয়ন মূলক কাম সমূহ ক্ৰমেঅসম আৰ্দশ গাঁও যোজনাৰ অধীনত  “দেওধৰ গাঁও পঞ্চায়তৰ ৬ নং খন্ডত খোৱাপানী আৰু শৌচাগাৰ সুবিধাৰে অংগনৱাদী কেন্দ্ৰ” নিৰ্মাণৰ আধাৰশিলা, অসম আৰ্দশ গাঁও যোজনাৰ অধীনত “ৰজাভেটি প্ৰাথমিক বিদ্যালয়ত কম্পিউটাৰ সুবিধাৰ লগতে শ্ৰেণীকোঠা” নিৰ্মানৰ আধাৰশিলা,অসম আৰ্দশ গাঁও যোজনাৰ অধীনত  “সোণোৱালী পুথিভঁৰাল নিৰ্মাণ”ৰ আধাৰশিলা,অসম আৰ্দশ যোজনাৰ অধীনত  “খন্ড উন্নয়ন বিষয়া কাৰ্যালয়ত মহিলা আত্মসহায়ক গোটৰ বাবে বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰকল্প”ৰ আধাৰশিলা,দেওধৰ পঞ্চায়তৰ দেওধৰ চাৰিআলিত  “ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ লগতে খোৱা পানী ব্যৱস্থা নিৰ্মাণ”ৰ আধাৰশিলা।ইয়াৰোপৰি বিধায়ক গৰাকীয়ে আজি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে  শেনছোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত খুটিকটীয়া কৃষ্টি বিকাশ সমাজৰ আন্তঃগাঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে।অসম চৰকাৰৰ আছুতীয়া পূজিৰ দ্বাৰাই দেওধৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত “পিনাক পাণি সনাতন  সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ”ৰ আন্তঃগাঠনি উন্নয়নৰ কামৰো  আজি শুভাৰম্ভ  কৰে।

Leave A Reply