ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সম্পূৰ্ণ (Indus Waters Treaty) হ’লেও উত্তেজনা এতিয়াও অব্যাহত আছে৷ আমেৰিকাৰ পৰা পাকিস্তান সেনাপ্ৰধানৰ পাৰমাণৱিক সতৰ্কবাণীৰ পিছত এতিয়া ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিছে পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান পিপলছ পাৰ্টীৰ মুৰব্বী বিলোৱাল ভুট্টোৱে৷ তেওঁ কয় যে যদি ভাৰতে সিন্ধু নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে দুয়োখন দেশৰ মাজত যুদ্ধ অনিবাৰ্য৷ কেৱল সেয়াই নহয়, ভুট্টোৱে সিন্ধুকে ধৰি ভাৰতৰ ৬খন নদী দখল কৰাৰ ভাবুকিও দিছে৷ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু চ্ছজন পৰ্যটকৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপ অপাৰেচন সিন্দূৰৰ সমান্তৰালকৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰে এটা হৈছে ১৯৬০ চনৰ সিন্ধু জল সন্ধি বাতিল৷ ভাৰতে ঘোষণা কৰিছে যে সিন্ধু নদীৰ ওপৰত এটা মথাউৰি নিৰ্মাণ কৰা হ’ব৷
এই প্ৰসংগত ভুট্টোৱে যুদ্ধৰ ভাবুকি দি কয় যে, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি কোনো ধৰণে সিন্ধুত বান্ধ দিয়ে, তেন্তে সেয়া আমাৰ ইতিহাস, সংস্কৃতি আৰু আমাৰ সভ্যতাৰ ওপৰত আক্ৰমণ হ’ব৷’ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘যদি যুদ্ধ আৰম্ভ হয়, তেন্তে পাকিস্তানৰ জনসাধাৰণৰ হাতত মোদীৰ সৈতে মুখামুখি হোৱাৰ ক্ষমতা আছে৷ আৰু যদি পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধত নামি যায়, তেন্তে আমি সিন্ধু আৰু ইয়াৰ সকলো উপনৈৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিম৷’ যি সময়ত পাকিস্তানী সেনাপ্ৰধানে আমেৰিকাৰ ভূমিৰ পৰা পাৰমাণৱিক আক্ৰমণৰ সতৰ্কবাণী দিছে, সেই সময়তে ভুট্টোৱে এই সতৰ্কবাণী প্ৰদান কৰিছে৷ দেওবাৰে ফ্ল’ৰিডাৰ টাম্পাত উদ্যোগপতি আদনান আছাদে আয়োজন কৰা ৰাতিৰ আহাৰ গ্ৰহণত পাকিস্তানী সেনাপ্ৰধানগৰাকীয়ে কয় যে, ‘আমি এখন পাৰমাণৱিক শক্তিচালিত দেশ৷ যদি আমি ধবংসৰ দিশে আগবাঢ়িছো বুলি ভাবো তেন্তে আমি আধা বিশ্বৰ সৈতে ধবংস হ’ম৷’ সিন্ধু নদীৰ মথাউৰি সন্দৰ্ভত আৰু কয়, ‘ভাৰতে মথাউৰি নিৰ্মাণ কৰক, আমি অপেক্ষা কৰিম৷ যেতিয়া মথাউৰি নিৰ্মাণ হ’ব তেতিয়া আমি ১০টা ক্ষেপণাস্ত্ৰৰে ধবংস কৰিম৷ সিন্ধু ভাৰতৰ পূৰ্বপুৰুষৰ সম্পত্তি নহয়৷ আমাৰো ক্ষেপণাস্ত্ৰৰ অভাৱ নাই৷’ এই সন্দৰ্ভত ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত সিন্ধু জল সন্ধি স্বাক্ষৰ কৰে৷ চুক্তি অনুসৰি বিতাস্তা আৰু চন্দ্ৰভাগৰ জলসীমাৰ ওপৰত পাকিস্তানৰ ৮০ শতাংশ অধিকাৰ আছে৷
আনহাতে, ভাৰতৰ ২০ শতাংশ অধিকাৰ আছে৷ কিন্তু চুক্তিৰ চৰ্ত অনুসৰি ভাৰতে সেই পানী ব্যৱহাৰ কৰিলেও ইয়াক ৰোধ কৰিব নোৱাৰে৷ কিন্তু দীৰ্ঘদিন ধৰি নতুন দিল্লীয়ে সিন্ধু জল সন্ধি সংশোধন কৰিবলৈ দাবী জনাই আহিছিল৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই বিষয়ে অভিযোগ কৰাটো পাকিস্তানৰ কূটনৈতিক কৌশল হৈ পৰিল৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহতো ভাৰতে ইছলামবাদলৈ এখন কঠোৰ জাননী প্ৰেৰণ কৰি সন্ধিৰ সংশোধনী বিচাৰিছিল৷ কিন্তু পেহেলগাঁও আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি সন্দৰ্ভত চৰম পদক্ষেপ গ্ৰহণ কৰে৷ ভাৰতৰ এই পদক্ষেপক যুদ্ধ ঘোষণাৰ সমতুল্য বুলি ইতিমধ্যে পাকিস্তানে সমালোচনা কৰিছে৷ আৰু এতিয়া পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে পুনৰবাৰ এই বিষয়ত মাত মাতিছে৷ যদিও ভাৰতে সেই ভাবুকিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷

