Smuggling of liquor: সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত বিধায়কৰ পুত্ৰ

সুৰা নিষিদ্ধ নাগালেণ্ডৰ ডিমাপুৰলৈ (Smuggling of liquor) সুৰা সৰবৰাহ কৰি আৰক্ষীৰ জালত পৰিছে এজন বিধায়কৰ পুত্ৰ। অসম-নাগালেণ্ড সীমান্তৰ গৌতম বস্তিত খটখটি আৰক্ষীৰ তালাচিত জব্দ কৰা হৈছে নব্বৈ কাৰ্টুন অবৈধ বিলাতী সুৰা। আৰক্ষীয়ে এনএল০৭-চিচি-৪৬৬০ নম্বৰৰ এনএল ১০-৯৬৯৭ নম্বৰৰ ইনভা আৰু এনএল০৭-চিএ-৩৩২৪ নম্বৰৰ জিমনি বাহনৰ পৰা অবৈধভাবে সৰবৰাহ কৰা বিলাতী সুৰাৰ কাৰ্টুনসমূহ জব্দ কৰে।

জব্দকৃত বাহনখনত নাগালেণ্ড চৰকাৰৰ চৰকাৰী ফলক থকাৰ বিপৰীতে আন বাহন দুখনত আছিল নাগালেণ্ডৰ শাসকীয় দল এনডিপিপি দলৰ দলীয় ষ্টিকাৰ। অবৈধ বিলাতী সুৰাসহ আৰক্ষীৰ জালত পৰা চাৰি সৰবৰাহকাৰী ক্ৰমে এনো সুখাতো ৱোট্ছা, নজাথং ৰেংমা, ইনালো আওমি আৰু ৱাংখাত।

উল্লেখযোগ্য যে, এনো সুখাতো ৱোট্ছা নাগালেণ্ডৰ ১৩ নং পুঘোবোটো বিধানসভা সমষ্টিৰ বিধায়কৰ পুত্ৰ। আটকাধীন ৱোট্ছা নাগালেণ্ডৰ শাসকীয় এনডিপিপিৰ যুৱ সংগঠনৰ উপ-সভাপতিৰ পদতো অধিষ্ঠিত হৈ আছে।

Related Articles