নগাওঁ জিলাৰ ধিং থানাৰ অন্তর্গত (Dhing News) ধুপগুৰি ফখৰ উদ্দিন আলী আহমেদ আদৰ্শ হাই স্কুলত স্বাধীনতা দিৱসৰ দিনা ধিং থানাৰ নাগৰিক সমিতিৰ উদ্যোগত আৰু ধিং থানা গাঁওৰক্ষী বাহিনীৰ সহযোগত এক ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হয়। কটহগুৰি বজাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আবুল হুছেইনে আঁতধৰা সভাখনত সভাপতিত্বত কৰে নাগৰিক সমিতিৰ সভাপতি অমৰজিৎ গোস্বামীয়ে । বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ এটা অংশ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি ভয়ংকৰভাৱে বৃদ্ধি পাইছে।
ড্ৰাগছমুক্ত অসমৰ স্বাৰ্থত ইতিমধ্যে অসম চৰকাৰেও বিভিন্ন পদক্ষেপ লৈছে। আৰক্ষীয়েও ঠায়ে ঠায়ে অভিযান চলাই ড্ৰাগছৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰিছে। কিন্তু সচেতন মহলে দাবী কৰা মতে সেয়া পৰ্যাপ্ত হোৱা নাই ! ৰাইজৰ মাজত সজাগতা আৰু প্ৰতিৰোধৰ মানসিকতা আহিলেহে সমাজৰ পৰা এই ধৰণৰ নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা যাব। সেই উদ্দেশ্য আগত ৰাখি ঠায়ে ঠায়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰিছে নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীয়ে।
উক্ত সভাত ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন কলিতা,গাঁওৰক্ষী বাহিনীৰ উপ-উপদেষ্টা তৰুণ নমনি ৰাজ,ধিং থানা কমিটিৰ সভাপতি লবকান্ত কোচঁ,প্ৰধান শিক্ষক ছামছুল হক, কবি আলিম উদ্দিন,নাগৰিক সমিতিৰ সদস্য দীপক শইকীয়া আৰু ধৰ্মকান্ত শইকীয়া উপস্থিত থাকি ড্ৰাগছ নিবাৰণৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

