প্ৰায় ৩৫ বছৰ ধৰি চলি (Assam TADA Case) অহা বিচাৰ-প্ৰক্ৰিয়াৰ অন্তত বিশেষ টাডা আদালতে বুধবাৰে এক ঐতিহাসিক ৰায় প্ৰদান কৰে৷ ৩৫ বছৰ পুৰণি এই গোচৰৰ বিচাৰৰ অন্তত অসমত চলা টাডা আইনৰ গোচৰৰ আটাইতকৈ দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিল৷ ১৯৯১ চনত দিছপুৰ থানাত নং ১/১৯৯১ গোচৰৰ ৰুজু কৰা হৈছিল৷ আলফাৰ বহু নেতাৰ বিৰুদ্ধে আতংক সৃষ্টি, ধন-দাবী, অবৈধ কাৰ্যকলাপত জড়িত হোৱাৰ দৰে অভিযোগ উত্থাপন হৈছিল৷ বহুদিনীয়া বিচাৰ-প্ৰক্ৰিয়াৰ অন্তত ৩১জন অভিযুক্তক আদালতে দোষমুক্ত ঘোষণা কৰে৷ দোষমুক্ত হোৱাসকলৰ মাজত আছে আলফা নেতা অনুপ চেতিয়া, প্ৰদীপ গগৈ, অৰবিন্দ ৰাজখোৱা, মুনিন নবীশ, কল্পজ্যোতি নেওগ, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, সুনীল নাথ আৰু অনাদৰ ঠাকুৰীয়া আদি৷
টাডা আইনৰ ধাৰা ৩ আৰু চ্ছ্ৰ, ইউএপিএৰ ধাৰা ১০ [৩], লগতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত এই বিচাৰ আৰম্ভ হৈছিল৷ আনুষ্ঠানিকভাৱে এই বিচাৰ আৰম্ভ হৈছিল ২০০১ চনত৷ ৰায়ৰ পিছত অনুপ চেতিয়াই কয়– ‘আমি সুখী, কিয়নো চৰকাৰে বৈধ নথি প্ৰদান কৰিব পৰা নাছিল৷ আদালতে সেয়ে আমাক দোষমুক্ত কৰিলে৷ এতিয়া ৰাষ্ট্ৰ আৰু সমাজৰ কাৰণে কৰ্ম কৰি যাব৷’ তেওঁ জানিবলৈ দিয়ে, আৰু এটা টাডা গোচৰ চলি আছে য’ত ১০-১১জন অভিযুক্ত আছে৷ অৰবিন্দ ৰাজখোৱাই কয়– ‘বহু বছৰ অপেক্ষা কৰাৰ পিছত এই ৰায় আহিল৷ আমি কৃতজ্ঞ৷ যদিও এতিয়াও এটা গোচৰ বাকী আছে৷’

