Gogamukh News: গোগামুখ জ্ঞানজ্যোতি একাডেমীত নীটত উৰ্ত্তীণ শিক্ষাৰ্থীক সম্বৰ্ধনা

ধেমাজি জিলাৰ গোগামুখৰ চি বি এছ চিৰ (Gogamukh News) একমাত্ৰ শিক্ষানুষ্ঠান গোগামুখ জ্ঞানজ্যোতি একাডেমীত অধ্যয়ন কৰা তিনিগৰাকী শিক্ষাৰ্থীয়ে এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত উৰ্ত্তীণ হৈ গোগামুখলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ তাৰে ইশা সাহা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, নিবেদিতাৰ গুপ্তা আৰু উদয় উপাধ্যায় তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰিছে ৷

বুধবাৰে জ্ঞানজ্যোতি একাডেমীৰ পৰিয়ালৰ তৰফৰ  পৰা তিনি কৃত্তিমান শিক্ষাৰ্থীক  বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। জ্ঞানজ্যোতি একাডমীৰ এই অভিজাত যাত্ৰা আৰু সফলতাত গোগামুখবাসী অতিকৈ আনন্দিত হৈছে ৷ সম্বৰ্ধনা অনুষ্ঠানত গোগামুখ জ্ঞানজ্যোতি একাডেমীৰ এম ডি খেম বাহাদূৰ প্ৰধানে নীটত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীক সকলক লৈ শুভেচ্ছামূলক বক্তব্য ৰাখে ৷

একেদৰে গোগামুখ মইনাপৰাৰ নিৱাসী ডাঃ বেটাই দলে আৰু কক’জ্যোতি পাইট দলেৰ সু-সন্তাত নিতুল(বৰ্ণিল) দলে আৰু কলেন্দ্ৰ কামান, অমৰাবতী কামানৰ তনয়া সুপ্ৰিয়া কামানেও নীট পৰীক্ষাত উৰ্ত্তীণ হৈ গোগামুখলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

Related Articles