সম্প্ৰতি বহু ইউটিউবাৰে (Samay Raina) নানান কথা আৰু কৌতুকেৰে বহুতৰে মনত আঘাত দিয়া বুলি গুৰুতৰ অভিযোগ উঠিছে৷ এনে সময়তে উচ্ছতম ন্যায়ালয়ে ইউটিউবাৰ আৰু ইফ্লুৱেঞ্চাৰসকলক তেওঁলোকৰ কণ্টেণ্ট আৰু কৌতুকৰ জৰিয়তে কোনো সম্প্ৰদায়ৰ আৱেগক আঘাত নিদিবলৈ কঠোৰভাৱে সতৰ্ক কৰি দিয়ে৷ আদালতে স্পষ্টকৈ কয় যে বাক স্বাধীনতা আৰু বাণিজ্যিক কথা-বতৰাৰ মাজত পাৰ্থক্য আছে৷
কোনোবাই যদি নিজৰ কথাটো বাণিজ্যিক কৰি কোনো পক্ষক আঘাত দিব নোৱাৰিব ৷ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ বিচাৰপীঠে কিউৰ এছ এম এ ফাউণ্ডেচন ইণ্ডিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই সতৰ্কবাণী প্ৰদান কৰে৷ এই স্বেচ্ছাসেৱী সংগঠনটোৱে বিশেষভাৱে সক্ষম লোকক ঠাট্টা কৰি কৰা কৌতুকক চিহ্নিত কৰিছিল৷ সমালোচনাৰ সন্মুখীন হোৱা কমেডিয়ানসকলৰ ভিতৰত আছে সময় ৰাইনা, বিপুন গোৱাল, বলৰাজ পৰমজিৎ সিং ঘাই, সোণালী ঠাক্কৰ আৰু নিশান্ত জগদীশ তনৱাৰ৷ উল্লেখ্য, কিউৰ এছ এম এ ফাউণ্ডেচনে স্পাইনেল মাস্কুলাৰ এট্ৰফিত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰে ৷শুনানিৰ সময়ত ন্যায়াধীশ বাগচীয়ে কয়, ‘হাস্যৰস জীৱনৰ এটা অংশ আৰু আমি নিজৰ ওপৰত কৌতুক শুনিব পাৰো৷ কিন্তু যেতিয়া আপুনি আনক হাঁহিবলৈ আৰম্ভ কৰে আৰু এইদৰে সংবেদনশীলতাক উলংঘা কৰে, তেতিয়া ই কেৱল অক্ষমতা নহয়৷
আমি বিভিন্ন সম্প্ৰদায়ৰ দেশ… গতিকে যেতিয়া হাস্যৰস এটা সম্প্ৰদায়ৰ প্ৰতি নিৰ্দেশিত হয়… তেতিয়াই এটা সমস্যা হৈ পৰে৷ আৰু এইটোৱেই আজিৰ প্ৰভাৱশালী আৰু তথাকথিত প্ৰভাৱশালী লোকসকলে মনত ৰখা উচিত৷’’

