কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী (Amit Shah) অমিত শ্বাহে দুদিনীয়াকৈ আয়োজিত ভাইব্ৰেণ্ট গাঁও কাৰ্যসূচী (ভিভিপি) কৰ্মশালাৰ উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায় । নতুন দিল্লীত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা বিভাগে আয়োজন কৰিছে এই কৰ্মশালা। এই উপলক্ষে আয়োজিত অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ ল’গ’ও উন্মোচন কৰে। কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী বান্দী সঞ্জয় কুমাৰ, গৃহ সচিব, চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক, সীমা ব্যৱস্থাপনা বিভাগৰ সচিব, ভিভিপিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত সীমান্ত ৰাজ্যসমূহৰ মুখ্য সচিব, সীমান্ত সুৰক্ষাৰ বাবে নিয়োজিত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্ৰধান আৰু সংশ্লিষ্ট জিলাসমূহৰ জিলা দণ্ডাধীশৰ লগতে আন বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভাষণত উল্লেখ কৰে যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম তিনিটা মূল কথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে- সীমান্ত গাঁৱৰ পৰা প্ৰব্ৰজন ৰোধ কৰা, সীমান্ত গাঁৱৰ প্ৰতিজন নাগৰিকে যাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ শতকৰা এশ শতাংশ সুবিধা লাভ কৰে সেয়া নিশ্চিত কৰা আৰু ভিভিপিৰ অধীনত থকা গাঁওসমূহক সীমান্ত তথা ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ আহিলা হিচাপে গঢ়ি তোলা। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ ধাৰণা দাঙি ধৰিছিল তেতিয়া সিদ্ধান্ত লোৱা হৈছিল যে ইয়াক পৰ্যায়ক্ৰমে ৰূপায়ণ কৰা হ’ব। কেৱল প্ৰতিখন সীমান্ত গাঁৱকে সকলো সা-সুবিধাৰে সজ্জিত কৰাই নহয়, এই সীমান্ত গাঁওবোৰত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ বাবে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আঁচনিৰ ব্যৱস্থা কৰা হ’ব যাতে তাত বসবাস কৰা লোকসকলৰ জীৱন উন্নত কৰি তুলিব পাৰি। ইয়াৰ উপৰি এই গাঁওসমূহক দেশ আৰু সীমান্তৰ নিৰাপত্তাৰ বাবে শক্তিশালী আহিলা হিচাপে গঢ়ি তোলা হ’ব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শেষ গাঁওখনক প্ৰথম গাঁও হিচাপে নিৰ্ধাৰণ কৰি সীমান্ত গাঁৱৰ প্ৰতি আমাৰ দৃষ্টিভংগীৰ সলনি ঘটাইছে।
অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ অধীনত আগতীয়াকৈ চিনাক্ত কৰা গাঁওসমূহ কেইবছৰমানৰ পিছত আমাৰ দেশ আৰু সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত অতি উল্লেখযোগ্য আহিলা হিচাপে প্ৰমাণিত হ’ব। তেওঁ কয় যে এই কাৰ্যসূচীৰ জৰিয়তে বহুমাত্ৰিক আৰু বহুখণ্ডীয় উন্নয়নৰ দৃষ্টিভংগীৰে আন্তঃগাঁথনিৰ উন্নয়ন, সংস্কৃতি সংৰক্ষণ আৰু বৃদ্ধি, পৰ্যটনৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি আৰু গাঁৱৰ জীৱনক সকলো দিশতে সজীৱ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰসমূহৰ মুখ্য সচিব, ভিভিপিত অন্তৰ্ভুক্ত গাঁৱৰ ডিষ্ট্ৰিক কালেক্টৰ আৰু সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ দায়িত্ব কেৱল ভিভিপিৰ মাজতে সীমাবদ্ধ নাৰাখি এনে কাৰ্যসূচীৰ বাহিৰেও ইয়াৰ লক্ষ্যত উপনীত হ’বলৈ কি কি অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেই বিষয়ে বিবেচনা কৰিব লাগিব। তেওঁ লগতে কয় যে ভিভিপিৰ লক্ষ্য পূৰণৰ বাবে ভাৰত চৰকাৰৰ সকলো বিভাগ আৰু ৰাজ্য চৰকাৰে একেলগে মিলি এই সীমান্ত গাঁওসমূহক সঁচা অৰ্থত নিৰাপত্তাৰ বাবে উল্লেখযোগ্য আহিলালৈ ৰূপান্তৰিত কৰাটো অতি প্ৰয়োজনীয় কথা।অমিত শ্বাহে কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ চৰকাৰী আঁচনিসমূহত ১০০ শতাংশ পৰিপূৰকতা অৰ্জন কৰা, পৰ্যটনৰ বাবে অত্যাৱশ্যকীয় ৰাজহুৱা সুবিধাসমূহ প্ৰসাৰিত কৰা আৰু সমবায় প্ৰতিষ্ঠানসমূহক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে উৎসাহিত কৰাটো প্ৰয়োজনীয়। তেওঁ কয় যে যদিহে হোমষ্টেৰ দৰে পদক্ষেপসমূহ সীমান্ত গাঁওসমূহলৈ সম্প্ৰসাৰিত কৰা হয় আৰু ৰাজ্যৰ পৰ্যটন বিভাগে বুকিঙৰ সঠিক ব্যৱস্থা কৰে , তেন্তে এই সীমান্ত গাঁওসমূহৰ প্ৰতিখন ঘৰতে মানুহে কৰ্মসংস্থাপন লাভ কৰিব। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে ৰাজ্যসমূহৰ গ্ৰাম্য উন্নয়ন বিভাগসমূহে এই গাঁওসমূহৰ গৌৰৱ বৃদ্ধি কৰাৰ দিশত কাম কৰিব লাগিব, এই প্ৰচেষ্টাত জিলা উপায়ুক্তসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ উল্লেখ কৰে যে যদি গাঁওসমূহত সকলো সুবিধা আৰু কৰ্মসংস্থাপনৰ সুযোগ থাকে তেন্তে স্থানীয় বাসিন্দাসকলে বাহিৰলৈ প্ৰব্ৰজন কৰিবলৈ নিবিচাৰিব।
গৃহমন্ত্ৰীয়ে লগতে কয় যে যুৱ জিলা উপায়ুক্তসকলে নিশ্চিত কৰিব লাগে যে প্ৰত্যাহ্বানমূলক ভৌগোলিক পৰিস্থিতিৰ মাজতো নাগৰিকে নিজৰ গাঁও পৰিত্যাগ নকৰে, প্ৰব্ৰজন ৰোধ হয় আৰু গাঁৱৰ জনসংখ্যাও বৃদ্ধি পায়।কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশত সজীৱ গাঁও কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত বহু সীমান্ত গাঁৱৰ জনসংখ্যা বৃদ্ধি পাইছে। আমাৰ দেশৰ সকলো সীমান্তৱৰ্তী গাঁৱৰ বাবে এয়া ইতিবাচক বাৰ্তা যে এই গাঁওসমূহলৈ ওলোটা প্ৰব্ৰজনৰ ধাৰা সঠিক দিশত আগবাঢ়িছে।গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা কৈছিল যে জনগাঁথনিৰ পৰিৱৰ্তন চিন্তাৰ বিষয়। তেওঁ কয় যে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেমত অন্তৰ্ভুক্ত জিলাসমূহৰ ডিষ্ট্ৰিক্ট কালেক্টৰ সকলে এই বিষয়টো গুৰুত্বসহকাৰে আৰু মনোযোগেৰে সমাধান কৰাটো প্ৰয়োজন। সীমান্ত অঞ্চলত জনগাঁথনিগত পৰিৱৰ্তনে দেশ আৰু ইয়াৰ সীমান্তৰ নিৰাপত্তাৰ বিষয়ত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভৌগোলিক পৰিস্থিতিৰ বাবে এনে হৈছে বুলি ধৰি লোৱা উচিত নহয়; বৰঞ্চ ই এটা ইচ্ছাকৃত পৰিকল্পনাৰ অংশ হিচাপে ঘটি আছে। তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ মুখ্য সচিব আৰু চিএপিএফসমূহেও এই বিষয়ত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন।

