মুখ্যমন্ত্ৰীৰ অধ্যক্ষতা অনুষ্ঠিত ৰাজ্য (State Cabinet) চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে —প্ৰায় প্ৰতিষ্ঠাকালৰে পৰা লোকচানৰ সন্মুখীন হৈ থকা অসম বাগিচা শস্য উন্নয়ন নিগম লিমিটেডৰ কৰ্মচাৰীসকলক ভিআৰএছ দিয়াৰ সিদ্ধান্ত লৈ ৰাজ্যিক কেবিনেটে ৬ কোটি টকাৰ মঞ্জুৰী প্ৰদান কৰে।ৰাজ্যিক কেবিনেটে সৰ্বমুঠ ৯৬৯ কোটি টকাৰ চাৰিটা বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ জৰিয়তে ২৭০৪ টা নিয়োগৰ সুবিধা সৃষ্টি হ’ব। সেইসমূহ হৈছে —প্ৰিমিয়াৰ ক্ৰায়’জেনিক্স লিমিটেডেৰ জাগীৰোডত ছেমিকণ্ডাক্টৰ গ্ৰেড গ্ৰেছ মেনুফেক্সাৰিং প্ৰকল্প নিৰ্মাণৰ বাবে ১২৫ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন।
এই প্ৰকল্পটোত ২০০ টা নিয়োগ সৃষ্টি হ’ব। জোনালী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ পৰ্যটন আৰু আতিথ্য সেৱাৰ সৈতে জড়িত মেৰিয়ট হোটেল আৰু ৰিজ’ৰ্ট প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰায় ১৮২ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন। এই প্ৰকল্পটোত ২০৪ টা নিয়োগ সৃষ্টি হ’ব। অম্বুজা নেঅ’টীয়া হেলথ কেয়াৰ ভেন্সাৰ লিমিটেডৰ হাস্পতাল প্ৰকল্পৰ বাবে প্ৰায় ৩০২ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন। অম্বুজা নেঅ’টীয়া হোটেল ভেন্সাৰ লিমিটেডৰ হোটেল প্ৰকল্পৰ বাবে৩৬০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন। অম্বুজা নেঅ’টীয়া হেলথ কেয়াৰ ভেন্সাৰ লিমিটেডৰ হাস্পতাল আৰু অম্বুজা নেঅ’টীয়া হোটেল ভেন্সাৰ লিমিটেডৰ হোটেল প্ৰকল্প দুটাৰ বাবে সৰ্বমুঠ নিয়োগৰ সুবিধা সৃষ্টি হ’ব ২৩০০ টা। কেবিনেটে আন্তঃধৰ্মীয় ভূমি হস্তান্তৰৰ ক্ষেত্ৰত স্থাবৰ সম্পত্তি হস্তান্তৰ অনুমতি প্ৰদানৰ পদ্ধতি সুশৃংখলিত কৰাৰ বাবে ৰাজ্যিক অনুমোদন জনাইছে। সেই অনুসৰি মাটি ক্ৰয়-বিক্ৰয়ৰ প্ৰস্তাৱসমূহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৰীক্ষা কৰাৰ পিছত প্ৰস্তাৱসমূহ উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব।
উপায়ুক্তৰ কাৰ্যালয়ে এই প্ৰস্তাৱসমূহ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব। ৰাজহ বিভাগৰ কাৰ্যলায়ত এজন ন’ডেল বিষয়া থাকিব। ৰাজহ বিভাগে প্ৰস্তাৱসমূহ অসম আৰক্ষীৰ বিশেষ শাখালৈ প্ৰেৰণ কৰিব। আৰক্ষী বিভাগৰ বিশেষ শাখাই এই ক্ষেত্ৰত মাটি ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়া প্ৰৱঞ্চনামূলক, জোৰ-জবৰদস্তিমূলক বা অবৈধভাৱে ভূমি হস্তান্তৰ কৰা হৈছে নেকি বা ক্ৰয়-বিক্ৰয়ৰ ফলত অঞ্চলটোত সামাজিক গাঁথনিত প্ৰভাৱ পৰিছে নেকি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰি চৰকাৰক অৱগত কৰিব। চৰকাৰে এই বিষয়ে জিলা আয়ুক্তক জনাব আৰু জিলা আয়ুক্তই তাৰ ওপৰত সিদ্ধান্ত ল’ব। এই মানক পৰিচালনা বিধি (এছঅ’পি) অসমৰ বাহিৰৰ স্বেচ্ছাসেৱীসমূহ সংগঠনসমূহৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব।
ৰাজ্যিক কেবিনেটে ঝুমইৰৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণকাৰী শিল্পী-কলা-কুশলীসকলক উৎসাহ প্ৰদান কৰাৰ বাবে অহা ১২ অক্টোবৰত এককালনী মাননি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি, মুখ্যমন্ত্ৰীয়ে আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ ছেপ্টেম্বৰ পৰিৱৰ্তে ১৩-১৪ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমেলৈ আহিব। কাইলৈ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী কমিটীখনৰ মিটিং হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৮ ছেপ্টেম্বৰত অসমলৈ অহাৰ কথা আছিল। কিন্তু ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ৯ তাৰিখে অনুষ্ঠিত হ’ব। সেয়ে মোদী ৮ তাৰিখৰ পৰিৱৰ্তে ১৩ আৰু ১৪ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিব। প্ৰধানমন্ত্ৰীৰ সৈতে জড়িত কাৰ্যসূচী, সেইখিনি তাক ১৩ তাৰিখে কৰা হ’ব, কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো ৮ তাৰিখেই পালন কৰা হ’ব। এই অনুষ্ঠানটো কেনেকৈ পালন কৰা হ’ব সেয়া বৈঠকত আলোচনা হ’ব।
প্ৰধানমন্ত্ৰী ১৩ তাৰিখে আহিব। সেইদিনা ৫.৩০ বজাত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশ ল’ব। ১৪ তাৰিখে পুৱা মঙলদৈলৈ যাব আৰু বিয়লি নুমলীগড়লৈ যাব। এটা নিশা গুৱাহাটীত কটাব।২৯ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসমত কাৰ্যসূচী আছে। ২৮ আগষ্টতে অৰ্থাৎ কাইলৈ অমিত শ্বাহ গুৱাহাটীত উপস্থিত হ’ব। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত বিজেপিৰ কাৰ্যালয়লৈ আহিব। তাত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিব। নিশাৰ আহাৰ দলৰ কাৰ্যালয়তে গ্ৰহণ কৰিব। ২৯ তাৰিখে পুৱা ১০.৩০ বজাত ৰাজভৱন, তাৰ পিছত পঞ্চায়ত সন্মিলন আৰু বিয়লি ৪ বজাত গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত যোগদান কৰিব। তাৰ পূৰ্বে জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰিব।

