ভাৰত বিশ্বগুৰু হোৱাৰ সময় আহি পৰিছে। (Mohan Bhagwat) এই মন্তব্য আৰ এছৰ মুৰব্বী মোহন ভাগৱতৰ। আৰ এছ এছৰ ১০০ বছৰীয়া অনুষ্ঠানত ভাগৱতে এই কথাত গুৰুত্ব আৰোপ কৰে যে সমগ্ৰ অবিভক্ত ভাৰতৰ পূৰ্বপুৰুষৰ পৰম্পৰাই সহস্ৰাব্দৰ পৰা মানুহক একত্ৰিত কৰি আহিছে। তেওঁ যুক্তি সহকাৰে কয় যে উপমহাদেশখনত ৪০ হাজাৰ বছৰতকৈও অধিক সময় বাস কৰা সকলোৰে ডি এন এ মৌলিকভাৱে একে। তেওঁলোকে ‘হিন্দু’ৰ ধাৰণাটোক সংকীৰ্ণ ধৰ্মীয় শব্দৰে নহয়, ভূগোল, ঐতিহ্য আৰু সাধাৰণ সাংস্কৃতিক পৰম্পৰাৰ বহল ৰূপৰেখাৰে সংজ্ঞায়িত কৰিছিল বুলিও ভাগৱতে কয়। তেওঁ কয় “কিছুমানে এই কথা জানে কিন্তু নিজকে হিন্দু বুলি স্বীকাৰ নকৰে, আনহাতে কিছুমানে এতিয়াও এই কথা উপলব্ধি কৰা নাই।’ ভাগৱতে কয় ‘আমাৰ ডি এন এ একেই… মিলাপ্ৰীতিৰে জীয়াই থকাটোৱেই আমাৰ সংস্কৃতি।’
ভাগৱতে দৃঢ়তাৰে কয় যে স্বাধীনতাৰ পিছৰ ৭৫ বছৰত দেশখনে বিশ্বত এতিয়াও নিজৰ সঠিক স্থান লাভ কৰা নাই। তেওঁ কয় যে আৰ এছ এছে ভাৰতক বিশ্বগুৰু হিচাপে গঢ়ি তুলিবলৈ বিচাৰে — বিশ্বৰ বাবে এক পথ প্ৰদৰ্শক শক্তি কৰি তুলিব বিচাৰে— আৰু এনে সময় আহি পৰিছে।তেওঁ কয় যে এই উচ্চাকাংক্ষাৰ বাবে সকলোতকৈ বেছি সামাজিক পৰিৱৰ্তনৰ প্ৰয়োজন। তেওঁ কয় “যদি আমি দেশখনৰ উত্থান ঘটাব লাগে, তেন্তে কৰ্তব্য কাৰোবাৰ ওপৰত এৰি দিলে সেয়া নহ’ব। ইয়াত সকলোৰে ভূমিকা আছে। ভাৰতৰ উত্থানত ৰাজনীতিবিদ, চৰকাৰ আৰু ৰাজনৈতিক দলে সহায় কৰিব পাৰে, কিন্তু প্ৰকৃত চালক হ’ব সমাজৰ ৰূপান্তৰ নিজেই।”
হিন্দু শব্দটো সন্দৰ্ভত তেওঁ সোঁৱৰাই দিয়ে যে এই ভূমিত বাস কৰা লোকসকলক বুজাবলৈ বাহিৰৰ মানুহে ইয়াক উদ্ভাৱন কৰিছিল। হিন্দুসকলৰ সংজ্ঞা সংঘাতৰ দ্বাৰা নহয়, আনক সন্মান জনাই নিজৰ পথ অনুসৰণ কৰাৰ ইচ্ছাৰ দ্বাৰাহে সংজ্ঞায়িত কৰা হয় বুলি তেওঁ যুক্তি আগবঢ়ায়।

