Bhupen Hazarika’s birth centenary: অসমৰ লগতে অৰুণাচল প্ৰদেশেও সন্মান জনাব সুধাকণ্ঠক

কেৱল অসমেই নহয়, (Bhupen Hazarika’s birth centenary) অৰুণাচল প্ৰদেশেও সন্মান জনাব সুধাকণ্ঠ ভূপেন হাজৰিকাক৷ সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে অসম চৰকাৰে নানান কাৰ্যসূচী গ্ৰহণ কৰাৰ সমতে অৰুণাচল প্ৰদেশেও কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰিছে৷ বৃহস্পতিবাৰে গুৱাহাটীৰ লোক সেৱা ভৱনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উচ্ছ পৰ্যায়ৰ মূল সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেই এই সিদ্ধান্ত নিশ্চিত কৰে৷ বৈঠকৰ অন্তত সাংবাদিকৰ আগত মেই কয়, ‘ভূপেন দাৰ কণ্ঠ কেৱল অসমৰ নহয়, সমগ্ৰ উত্তৰ-পূব আৰু ইয়াৰ বাহিৰতো৷

‘অৰুণাচল প্ৰদেশে চলিত ছেপ্টেম্বৰ মাহত নামনি দিবাং উপত্যকাৰ ৰ’ইঙত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ জৰিয়তে তেওঁৰ উত্তৰাধিকাৰক সন্মান জনাব৷ এয়া সাংস্কৃতিক মহানায়কগৰাকীলৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি যাৰ সংগীতে ঐক্যৰ প্ৰেৰণা অব্যাহত ৰাখিছে৷’ তেওঁ লগতে কয় যে সংগীত, সাহিত্য, সামাজিক সংহতিৰ ক্ষেত্ৰত ড॰ হাজৰিকাৰ অৱদানে প্ৰজন্ম আৰু সীমা অতিক্ৰম কৰিছে৷ মেই কয়, ‘তেওঁৰ শতবাৰ্ষিকী উদযাপন কৰি আমি উত্তৰ-পূবৰ আত্মাক উদযাপন কৰিছো৷’

এই বৈঠকত ১৩ ছেপ্টেম্বৰত হাজৰিকাৰ জন্ম জয়ন্তীৰ পৰা আৰম্ভ হ’বলগীয়া বছৰজোৰা শতবাৰ্ষিকী উদযাপনৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’ব মূল স্মৃতি অনুষ্ঠান৷ প্ৰধানমন্ত্ৰী পৰৱৰ্তী সময়ত ১৪ ছেপ্টেম্বৰত মঙলদৈলৈ যাত্ৰা কৰিব আৰু লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব৷সুধাকণ্ঠৰ শতবাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ১০০ টকীয়া স্মৃতি মুদ্ৰা মুকলি কৰিবলৈ অনুমোদন জনাইছে৷মুখ্যমন্ত্ৰী শৰ্মাই গেজেটৰ অধিসূচনাখন অনলাইনযোগে শ্বেয়াৰ কৰি এই মুদ্ৰাটোক হাজৰিকাৰ উত্তৰাধিকাৰৰ ‘কালজয়ী স্বীকৃতি’ বুলি অভিহিত কৰে আৰু প্ৰধানমন্ত্ৰীক তেওঁৰ অবিৰত সমৰ্থনৰ বাবে ধন্যবাদ জনায়৷ইপিনে, 9 ছেপ্টেম্বৰত অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব, যিটো দিন ড॰ হাজৰিকাৰ নামত সম্পূৰ্ণৰূপে উৎসৰ্গা কৰা হ’ব৷

Related Articles