দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্ব India-China কূটনীতিৰ এক নতুন মাইলৰ খুঁটি স্বৰেপে দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হয় চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং। দীৰ্ঘ ৭ বছৰৰ অন্তত চীন ভ্ৰমণৰ বাবে দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫০ মিনিটৰ বৈঠকৰ অন্তত জিনপিঙৰ বাৰ্তা আছিল, ‘বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত বন্ধুত্বৰ গুৰুত্ব সৰ্বোচ্চ।’ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক আগ্ৰাসনৰ মাজতে জিনপিঙৰ হাতী আৰু অজগৰৰ মাজত বন্ধুত্বৰ এই বাৰ্তাটোক কূটনৈতিক মহলে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে। মোদী আৰু ঝিৰ এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো উপস্থিত আছিল।
আজিৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “যোৱা বছৰ কাজানত আমাৰ সফল বৈঠকৰ পিছত আপোনাক পুনৰ লগ পাই আনন্দিত হৈছো। চীনে এছচিঅ’ শীৰ্ষ সন্মিলনৰ বাবে আপোনাক আদৰণি জনাইছে।” ইয়াৰ সমান্তৰালকৈ এই বৈঠকক ঐতিহাসিক আখ্যা দি জিনপিঙে কয় যে এই পৃথিৱীখন সম্প্ৰতি বৃহৎ পৰিৱৰ্তন ঘটিছে। আমি পাহৰি যোৱা উচিত নহয় যে আমাৰ সভ্যতাই আটাইতকৈ পুৰণি। আৰু বৃহৎ জনসংখ্যাৰ বাবে আমি গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশ। গতিকে সাম্প্ৰতিক পৰিস্থিতিত বন্ধু-বান্ধৱী আৰু ভাল ওচৰ-চুবুৰীয়া হিচাপে আমাৰ কৰ্তব্য পালন কৰাটো অতি প্ৰয়োজনীয়।ইয়াৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “যোৱা বছৰ কাজানত আমি অতি ফলপ্ৰসূ আলোচনা কৰিছিলো যিয়ে আমাৰ সম্পৰ্কক ইতিবাচক দিশত আগুৱাই লৈ গৈছে। সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰৰ পিছত শান্তি আৰু স্থিতিশীলতাৰ পৰিৱেশৰ সৃষ্টি হৈছে।” মোদীয়ে লগতে কয়, ‘সীমান্ত বিষয়ত আমাৰ বিশেষ প্ৰতিনিধিৰ মাজত এক চুক্তি হৈছে।কৈলাশ মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে।দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান যাত্ৰাও আৰম্ভ কৰা হৈছে।আমাৰ সহযোগিতাৰ সৈতে দুয়োখন দেশৰ ২৮ কোটি জনসাধাৰণৰ স্বাৰ্থ জড়িত হৈ আছে।ইয়াৰ ফলত সমগ্ৰ মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত হ’ব পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সংবেদনশীলতা।”
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাত বছৰৰ মূৰত ড্ৰেগনৰ ভূমিত ভৰি দিছে । মোদী জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সম্ভাৱ্য বৈঠকক কেন্দ্ৰ কৰি চীনৰ এই বন্দৰ চহৰখনত উত্তেজনা বৃদ্ধি পাইছিল । ট্ৰাম্পৰ শুল্ক বোমাৰ মাজত এই নতুন বন্ধুত্বই আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক মহলত পাৰা বৃদ্ধি কৰিছে। মন কৰিবলগীয়া যে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্কক লৈ যুদ্ধ চলাবলৈ আৰম্ভ কৰিছে। ৰাছিয়াৰ তেলৰ অজুহাতত তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইউক্ৰেইন যুদ্ধৰ বাবে ৰাছিয়াকো অহৰহ ভাবুকি দিয়া হৈছে। আনকি এককালীন শুল্ক যুদ্ধৰ পিছত চীনে আপুৰুগীয়া খনিজ পদাৰ্থ ৰপ্তানি নকৰিলে চীনৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰো দিছে ট্ৰাম্পে। এছিয়াৰ দেশসমূহে ট্ৰাম্পৰ স্বেচ্ছাচাৰী নিষেধাজ্ঞা আৰু শুল্ক হুইমৰ বাবে বিতৃষ্ণা প্ৰকাশ কৰিছে। বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকাৰ আধিপত্যক প্ৰত্যাহ্বান জনোৱাত গ্ল’বেল চাউথে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ মাজতে মোদী আৰু জিনপিঙৰ বন্ধুত্বৰ এই বাৰ্তাই আমেৰিকাৰ মনত উদ্বেগৰ ঢৌ তুলিছে। ইপিনে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হোটেলত সাংস্কৃতিক কৰ্মীৰ এটা দলে ভাৰতীয় শাস্ত্ৰীয় সংগীতআৰু নৃত্যৰে উষ্ম আদৰণি জনায় । এছ চি অ’ শিখৰ সন্মিলনত মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তথা অন্য কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

