ৰাজ্যৰ সমাগত বিধানসভাৰ নিৰ্বাচনত দক্ষিণ কামৰূপৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সংখ্যালঘু অধ্যুষিত ৪৮ নং বকো বিধান সভা সমষ্টিখন পুনৰাই কংগ্ৰেছৰ দখললৈ অনাৰ লক্ষ্যৰে ককাঁলত টঙালি বান্ধিছে বকোৰ কংগ্ৰেছ মহলৰ প্ৰতিগৰাকী তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী সকলে ৷ সেই লক্ষ্যত উপনীত হোৱাৰ বাবে বকোৰ সোণতলীত অনুষ্ঠিত হৈছে কংগ্ৰেছ দলৰ বিশাল “বুথ সংকল্প শিবিৰ” । সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যলয় খেলপথাৰত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ “মোৰ বুথ, মোৰ গৌৱৰ” আমাৰ ঐক্য, আমাৰ শক্তি” শ্লোগানৰ এই বিশাল “বুথ সংকল্প শিবিৰ” । সমাগত নিৰ্বাচনৰ বাবে সমষ্টিটোত তৃণমূল পৰ্যায়ৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে বকো আৰু ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই বুথ সংকল্প শিবিৰ ৷ শিৱিৰত বকো সমষ্টিৰ ২৭৬ বুথৰ পৰা অহা কৰ্মকৰ্তাৰ অভূতপূৰ্ব সমাৱেশ ৷ শিৱিৰত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ ছত্তীছগড় ৰাজ্যৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৷ ভাষণত ভূপেশ বাঘেলে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি বৃটিছৰ লগত হাত মিলাই ভাৰত বিৰোধী স্থিতি গ্ৰহন কৰা বিজেপি দলে এতিয়া ধৰ্মৰ নামত ৰাজনীতি কৰি দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি প্ৰকাশ কৰে ৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বিজেপি চৰকাৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰ্বতসম মূল্যবৃদ্ধিৰে ৰাজ্যবাসীক কোঙা কৰি পেলোৱা , চৰকাৰী সম্পদ একফালৰ বিক্ৰী কৰি থকা থকা ৰাজ্যৰ মিত্ৰজোঁটৰ বিজেপি নেতৃত্বাধীন ভ্ৰষ্টাচাৰী চৰকাৰৰ অপশাসনক ওফৰাই এখন বিজেপিমুক্ত চৰকাৰ গঠনৰ বাবে সকলোকে সংকল্প ল’বলৈ আহ্বান ভূপেশ বাঘেলৰ ৷ বুথ সংকল্প শিৱিৰত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক,আদিত্য শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল বালকৃষ্ণ ৱাছনিক আৰু ছাকিল আহমেদ খানে বক্তব্য দাঙি ধৰি বিজেপি বেইমান আৰু গাদ্দাৰৰ দল বুলি অভিহিত কৰি বিজেপিৰ কোনো পৰিয়ালৰ লোকে দেশৰ স্বাধীনতাৰ বাবে জেল খটাৰ প্ৰমান দিব পাৰিলে ৰাজনীতি ত্যাগ কৰিব বুলি উল্লেখ কৰে৷ কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শিৱিৰত আদৰণি ভাষণ আগবঢ়ায় বকো সমষ্টিৰ বিধায়িকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসে ৷ আদৰণি ভাষণত ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে দেশৰ বাবে কৰা ত্যাগ আৰু উন্নয়নৰ ইতিহাসৰ ওপৰত আলোকপাত কৰে ৷ বিজেপিৰ সাম্প্ৰদায়িক কাম কাজৰ বিষয়ে উল্লেখ কৰি বিজেপিৰ বেটী বচাও বেটী পঢ়াও শ্লোগানৰ আজি কোনো মূল্য নাই বুলি কয় ৷ শিৱিৰত ছত্তীছগড় কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্মল কছাৰী, উপ সভাপতি ৰাজেন্দ্ৰ চাহু, কংগ্ৰেছ নেতা আদিত্য শৰ্মা,অসম প্ৰদেশ সংখ্যলঘু কোষৰ অধ্যক্ষ ছলমান খান, ছয়গাঁৱ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ , সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ ছাহু¸ কামৰূপ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জিয়াউৰ ৰহমান চহৰীয়া, উপ সভাপতি দীপক কলিতা, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী দীপালি তালুকদাৰ প্ৰমূখ্যে কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ ভালেসংখ্যক নেতৃবৃন্দ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…