ফেচবুক, এক্স, (Nepal Social Media Ban) ইউটিউবৰ লগতে আন ২৩টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ ঘোষণা। তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ফেচবুক, ইনষ্টাগ্ৰাম, এক্সকে ধৰি ডাঙৰ ডাঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা কাৰ্যকৰী হৈছে এই নিষেধাজ্ঞা নেপালত।
নেপালে ফেচবুক, ইনষ্টাগ্ৰাম, এক্সকে ধৰি ২৩টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰিছে। মন্ত্ৰালয়ে কোম্পানীসমূহৰ পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ বাবে ২৮ আগষ্টৰ পৰা ৭ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। এই সময়সীমা বুধবাৰে নিশা শেষ হ’ল। এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাৰ লগে লগে সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব বুলি বিষয়াসকলে জানিবলৈ দিয়ে আৰু মন্ত্ৰালয়ে সংশ্লিষ্ট কোম্পানীসমূহলৈ পত্ৰ জাৰি কৰিবলৈ আৰম্ভ কৰিছে। নিয়ম মানি নচলা প্লেটফৰ্মসমূহ স্থগিত ৰখাৰ কথা ইতিমধ্যে চৰকাৰে সকীয়াই দিছিল।
এতিয়ালৈকে নেপালত টিকটক, ভিটাক, ভাইবাৰ আৰু নিবাঞ্জৰ দৰে প্লেটফৰ্ম পঞ্জীয়ন কৰা হৈছে। টেলিগ্ৰাম আৰু গ্ল’বেল ডায়েৰীৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে মেটা (ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ), আলফাবেট (ইউটিউব), এক্স, ৰেডিট বা লিংকডইনৰ মূল কোম্পানীকে ধৰি কোনো ডাঙৰ প্লেটফৰ্মে এতিয়াও আবেদন দাখিল কৰা নাই।

