ভাৰতৰ প্ৰায়াত প্ৰধানমন্ত্ৰী(Teachers’ Day) ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণনৰ জন্ম দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি পালিত হোৱা শিক্ষক দিৱস এইবেলিও বি.জে.পি.এম.ই আৰু হাইস্কুলত বিভিন্ন কাৰ্যসূচীৰে বিদ্যালয় প্ৰাঙ্গণত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বি.জে.পি হাইস্কুলৰ প্ৰধান শিক্ষক ছামচুল হকৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা শিক্ষক দিৱস কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ফুলাম গামোচাৰে শিক্ষক-শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জনায় । বি.জে.পি.এম.ই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি জাহিদুল ইছলামৰ বিশেষ তৎপৰতাত অনুষ্ঠিত হোৱা এই বিশেষ শিক্ষক দিৱস আৰু বিদায় সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ দুগৰাকীকৈ শিক্ষকক বিদায়ী সম্বৰ্ধনা জনোৱা হয় । বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মমৰেজ আলী প্ৰথমতে সহ শিক্ষক হিছাপে বিদ্যালয় খনত যোগদান কৰি পিছলৈ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ পদ অলংকৃত কৰা মমৰেজ আলীয়ে কৰ্ম জীৱনৰ পৰা যোৱা আগষ্ট মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰে । সিদিনা ৰবিবাৰ হোৱা হেতুকে আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত তেখেতক ফুলাম গামোচা, জাপি, শৰাই, কিতাপ, কলম, টুপী, আৰবী ৰুমাল, ছাতি, লাঠি আৰু এখন মানপত্ৰৰে বিদ্যালয় কতৃপক্ষৰ লগতে ছাত্র-ছাত্ৰী সকলে সম্বৰ্ধনা জনায়। বিদ্যালয় খনৰ আৰু এগৰাকী সহকাৰী শিক্ষক সুদীৰ্ঘ কাল শিক্ষকতা কৰা ইকবাল খানে ‘মিচুৱেল ট্ৰেন্সফাৰ’ হৈ বি.জে.পি. এম.ই স্কুলৰ পৰা বহৰি অঞ্চলৰ হৰিপুৰ গাৱস্থিত গোমাফুলবাৰী হাইস্কুল (এ) লৈ বদলিকৰণ হৈ যোৱাত তেখেতকো বিদ্যালয় পৰিচালনা সমিতিৰ লগতে উভয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে আনুষ্ঠানিকভাৱে এইখন বিদ্যালয়ৰ পৰা বিদায় সম্বৰ্ধনা জনায় । ইকবাল খানক বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰী সকলে একোখনকৈ ফুলাম গামোচা, কলম, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় । উল্লেখযোগ্য যে , সুদূৰ বহৰি অঞ্চলৰ পৰা জাৰাবালৈ আহি শিক্ষকতা কৰা ইকবাল খান সঁচাকৈয়ে এগৰাকী কৃতী শিক্ষক আছিল । তেওঁ বিদ্যালয়খনত যোগদান কৰাৰ পিছৰেপৰাই দুয়োখন বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিছিল । বিভিন্ন পৰ্যায়ৰ শৈক্ষিক সাংস্কৃতিক ক্ষেত্ৰত আন্তঃ জিলা, জিলা ভিত্তিক পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল । ইকবাল খানে নিজেও জিলা প্ৰশাসনৰ পৰা জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত হৈছিল ।
বিজেপি হাইস্কুলৰ সহকাৰী শিক্ষক শিকদাৰ নবীৰ হুছেইনে আতধৰা শিক্ষক দিৱস আৰু বিদায়ী সম্বৰ্ধনা সভাত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও উপস্থিত থাকি ছাত্র-ছাত্ৰীক উদ্দেশ্যি শিক্ষক দিৱসৰ তাৎপৰ্য সম্পৰ্কে সংক্ষিপ্ত ভাষন ৰাখে । শিক্ষক দিৱস উপলক্ষে ছাত্র-ছাত্ৰীসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই সভাতেই বৰপেটা জিলা আমছু আৰু পশ্চিম বেতবাৰী আঞ্চলিক আমছুৰ কৰ্মকৰ্তা সকলে ‘ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা’ কাৰ্যসূচীৰ অধীনত ছাত্র-ছাত্ৰীৰ মাজত কলম বিতৰণ কৰে । আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি.জে.পি ছোৱালী হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি হবিবৰ ৰহমানে উপস্থিত থাকি শিক্ষক দিৱস সম্পৰ্কে চমু ভাষন আগবঢ়ায় । শিক্ষক দিৱসৰ পৱিত্ৰ কাৰ্যসূচীত উপস্থিত থাকি ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা স্থানীয় বিশিষ্ট সমাজকৰ্মী মনিৰুজ জামানেও গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায় । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি,জে,পি ছোৱালী এম.ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছিদ্দিকুৰ ৰহমানেও ছাত্র-ছাত্ৰীৰ উদ্দেশ্যে সাৱলীল ভাষন আগবঢ়ায় । সভাত বিদায়ী শিক্ষকদ্বয় মমৰেজ আলী আৰু ইকবাল খানে ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা জাৰাবাৰী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত আবেগবিহ্বল ভাষন আগবঢ়ায় । আজিৰ এই অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰায় কুৰি গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকাৰ লগতে স্থানীয় সমাজকৰ্মী আনোৱাৰ হুছেইন উপস্থিত থাকে । উল্লেখযোগ্য যে, ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মমৰেজ আলীৰ কাৰ্যকালৰ অন্ত পৰাত বিদ্যালয় খনৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মনোৱাৰা খাতুনে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে দায়িত্ব গ্ৰহন কৰে । মনোৱাৰা খাতুনৰ নেতৃত্বত বিদ্যালয় খনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন গতিৰ সূচনা কৰিব বুলি স্থানীয় ৰাইজে আশাব্যক্ত কৰিছে ।

