চীনত জিনপিং-পুটিনৰ সৈতে (Donald Trump) ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকৰ পিছতে হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ভাৰতৰ ৰপ্তানিৰ ওপৰত ৫০ শতাংশ শুল্ক ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰা তেলৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পিছৰে পৰা ভাৰতৰে ট্ৰাম্পৰ সম্পৰ্কৰ লক্ষ্যণীয় অৱনতি ঘটিছে। এই কথাৰ সুযোগ গ্ৰহণ কৰি ভাৰতৰ কাষ চাপিছে চীন আৰু ৰাছিয়া। সেয়ে হতাশ হৈ পৰা ট্ৰাম্পে এতিয়া প্ৰকাশ কৰিছে আক্ষেপ ভৰা মন্তব্য । ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি ছ’চিয়েল মিডিয়া পোষ্টত কয় যে “আমি ভাৰত আৰু ৰাছিয়াক আটাইতকৈ গভীৰ, আটাইতকৈ অন্ধকাৰ চীনৰ হাতত হেৰুৱাই পেলোৱা যেন লাগিছে,” তাৰ পিছত আক্ষেপেৰে ভৰা সুৰত তিনিওখন দেশৰ “সমৃদ্ধিশালী” ভৱিষ্যতো কামনা কৰে ট্ৰাম্পে।
সপ্তাহটোৰ আৰম্ভণিতে চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আতিথ্য প্ৰদান কৰিছিল।” ইয়াৰ পিছতে ট্ৰাম্পে সামাজিক মাধ্যমত মন্তব্য কৰে- দেখাত আমি ভাৰত আৰু ৰাছিয়াক আটাইতকৈ গভীৰ, অন্ধকাৰ চীনৰ হাতত হেৰুৱাই পেলাইছো। তেওঁলোকৰ একেলগে দীৰ্ঘ আৰু সমৃদ্ধিশালী ভৱিষ্যত হওক!” ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েলত এই পোষ্ট কৰিছে। এই মন্তব্যই নতুন দিল্লী, মস্কো আৰু বেইজিঙৰ মাজত গভীৰ হৈ অহা সম্পৰ্কৰ বিষয়ে ট্ৰাম্পে যে ধাৰণা কৰিব পাৰিছে সেই কথাৰেই ইংগিত বহন কৰিছে। চীনত শেহতীয়াকৈ তিনিওগৰাকী নেতাই শক্তিৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে ৰাজহুৱাভাৱে আলোচনা কৰে, তেওঁলোকৰ সকলোৰে মাজত — বিভিন্ন স্তৰত সহযোগিতাৰ আশ্বাস দিছে। ইউক্ৰেইনৰ যুদ্ধ আৰু বিশ্ব বাণিজ্য নীতিকে ধৰি বিষয়ত ৱাশ্বিংটনৰ সৈতে বিৰোধ তেওঁলোকৰ আলোচনাত স্পষ্ট হৈ পৰিছিল।দশক দশক ধৰি ৱাশ্বিংটনে ভাৰতক চীনৰ সম্প্ৰসাৰিত প্ৰভাৱৰ সম্ভাৱ্য প্ৰতিকাৰ দি আহিছিল। ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দুয়োটা প্ৰশাসনে নতুন দিল্লীক কৌশলগত অংশীদাৰ হিচাপে গ্ৰহণ কৰিছিল।
ট্ৰাম্পে নিজেই প্ৰথম কাৰ্যকালত ভাৰতৰে সুসম্পৰ্ক স্থাপন কৰিছিল, ২০১৯ চনত হিউষ্টনত অনুষ্ঠিত হোৱা “হাউডি মোডী” ৰেলীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে উপস্থিত হৈ জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে চতুৰ্ভুজ নিৰাপত্তা আলোচনাক (কুৱাড) পুনৰুজ্জীৱিত কৰিছিল।তথাপিও শেহতীয়া পৰিস্থিতিয়ে ভাৰত-মাৰ্কিন সম্পৰ্কত আউল লগাইছে।
বিশেষজ্ঞসকলে লক্ষ্য কৰিছে যে ট্ৰাম্পৰ শুল্ক ব্যৱস্থাৰ লগতে ৰাছিয়াৰ সৈতে ভাৰতৰ তেলৰ বাণিজ্যই ৱাশ্বিংটনক চিন্তাত পেলাইছে। টিয়ানজিনত অনুষ্ঠিত হোৱা এছ চি অ’ শীৰ্ষ সন্মিলনৰ অচিলালৈ মোদীয়ে সাত বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিছে, যিটো ২০২০ চনত গালোৱান উপত্যকাত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত হোৱা ইতিবাচক উন্নয়ন।ট্ৰাম্পে বাৰে বাৰে যুক্তি দিছে যে ভাৰতে বাণিজ্যিক সম্পৰ্কৰ পৰা অসমতাপূৰ্ণভাৱে লাভৱান হৈছে। শেহতীয়াকৈ তেওঁ কয় যে কমসংখ্যক লোকে যিটো বুজি পায় সেয়া হ’ল আমি ভাৰতৰ সৈতে অতি কম ব্যৱসায় কৰো, কিন্তু তেওঁলোকে আমাৰ সৈতে বিশাল পৰিমাণৰ ব্যৱসায় কৰে। ট্ৰাম্পে কৈছিল “এয়া সম্পূৰ্ণ একপক্ষীয় দুৰ্যোগ হৈ পৰিছে। লগতে ভাৰতে নিজৰ বেছিভাগ তেল আৰু সামৰিক সামগ্ৰী ৰাছিয়াৰ পৰা ক্ৰয় কৰে, আমেৰিকাৰ পৰা অতি কমকৈ কিনে ।”

