Mumbai: ৩৪ খন বাহনত ৪০০ কিলোগ্ৰাম আৰ ডি এক্স! মৃ*ত্যু ঘটাব পাৰে এক কোটি লোকৰ

৩৪ খন বাহনত ৰখা হৈছে ৪০০ কিলোগ্ৰাম আৰ ডি এক্স! (Mumbai) যি বিস্ফোৰকে মৃত্যু ঘটাব পাৰে কমেও ১ কোটি লোকৰ। গণেশ চতুৰ্থীৰ আনন্দত মতলীয়া মায়ানগৰী মুম্বাইলৈ এই ভাবুকি অহাৰ পিছতে আতংক বিয়পি পৰিছে। এতিয়া মুম্বাইৰ প্ৰতিটো অলিয়ে-গলিয়ে চলি আছে গণপতিৰ আৰাধনা ৷ এই আনন্দ-উল্লাসৰ মাজতে বিগত ৩ ছেপ্টেম্বৰত যান-বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ আহিছে এটা ভাবুকি ভৰা বাৰ্তা ৷ য’ত দাবী কৰা হৈছে যে ৩৪ খন বাহনত ৪০০ কিলোগ্ৰাম আৰ ডি এক্স মজুত ৰখা হৈছে ৷ এই খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী সজাগ হৈ পৰে আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰে । লগতে প্ৰতিখন পূজাস্থলীক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়ে৷


মুম্বাই যান-বাহন আৰক্ষীলৈ প্ৰেৰণ কৰা বাৰ্তাটোত দাবী কৰা হৈছে যে ১৪ টা পাকিস্তানী সন্ত্ৰাসবাদী ইতিমধ্যে মুম্বাইত প্ৰৱেশ কৰিছে । গণপতি বিসৰ্জনৰ সময়ত ৪০০ কেজি আৰ ডি এক্সেৰে চহৰখনত আক্ৰমণ কৰা হ’ব বুলিও বাৰ্তাটোত দাবী কৰা হৈছে । দাবী কৰা অনুসৰি এই আৰ ডি এক্স ৩৪ খন বাহনত লুকুৱাই ৰখা হৈছে । ইয়াৰ ফলত বৃহৎসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে । আৰক্ষীলৈ প্ৰেৰণ কৰা এই বাৰ্তাত এই আক্ৰমণ ২৬/১১ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণতকৈও ডাঙৰ হ’ব বুলি সকীয়নি দিয়া হৈছে। লস্কৰ-ই-জিহাদী নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে এই বাৰ্তা প্ৰেৰণ কৰা বুলি প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে।


গণেশ বিসৰ্জনৰ বাবে গিৰগাঁও চৌপাটী, জুহু বীচ্ আৰু অন্যান্য বিসৰ্জন স্থানত সমবেত হোৱা বিপুল জনসমাগমৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে এই ভাবুকি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে । এই ভাবুকি লাভ কৰাৰ লগে লগে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰাজহুৱা স্থান, গণেশ বিসৰ্জনৰ পথ, ৰে’ল ষ্টেচন আৰু জনবহুল স্থানত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

Related Articles