Pramod Boro: বিপিএফৰ শাসনত বড়োভূমিত বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টনা হৈছিলঃ প্ৰমোদ বড়ো

সমাগত (Pramod Boro)বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া ইউপিপিএল দলে তেওঁলোকৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ২২ ছেপ্তেম্বৰৰ বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে দেওবাৰে ইউপিপিএল দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বাক্সা জিলাৰ মুছলপুৰত এক বৃহৎ সংকল্প সভাত অংশ লৈ প্ৰচাৰ অভিযান চলায়।

সংকল্প সভাত যথেষ্ঠসংখ্যক ৰাইজৰ উপস্থিতিত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিপিএফ দলৰ ১৭ বছৰীয়া শাসনৰ সমালোচনা কৰি সকলোকে সেই সময়ৰ বিভীষিকাময় সময়ৰ কথা মনত পেলাই দিয়ে। বড়োভূমিত বন্ধ, হিংসা, অস্ত্ৰৰ ঝনঝননিয়ে কিদৰে হাগ্ৰামাৰ শাসনৰ ১৭ বছৰক কুলষিত কৰিছিল সেই কথা ৰাজহুৱা নিৰ্বাচনী সভাত উল্লেখ কৰি প্ৰমোদ বড়োৱে লগতে কয় যে হাগ্ৰামাই বড়ো আৰু অবড়োৰ মাজত বিভেদ আনি বড়োভূমিত হত্যা-হিংসাৰ শাসন চলাইছিল। বড়ো-অবড়োৰ মাজত লক্ষ্মণ ৰেখা টানি হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে এক বিভাজনৰ ৰাজনীতি চলাইছিল।

প্ৰমোদ বড়োৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থকাৰ সময়তে অৰ্থাৎ ২০০৯ চনত অস্ত্ৰ আৰু হিংসামুক্ত বড়োলেণ্ড গঢ়াৰ সংকল্প লোৱাৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ নেতৃত্বত ইউপিপিএল দলৰ চৰকাৰে ২০২০ চনৰ পৰা বড়োভূমিত অস্ত্ৰ আৰু হিংসাক বিলুপ্ত কৰি শান্তি আৰু উন্নয়ন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

প্ৰমোদ বড়োৱে বড়োভূমিত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত বড়ো জনগোষ্ঠীৰ লগতে বড়োভূমিত বসবাস কৰা ২৬ টা সম্প্ৰদায়ৰ সম উন্নয়নৰ বাবে কাম কৰি অহাৰ বাবে বিগত পাঁচ বছৰত শান্তিৰ শাসন সম্ভৱ হৈছে বুলি দোহাৰে। যথেষ্ট সংগ্ৰামৰ মাজেৰে আগবাঢ়ি অহা বড়ো সমাজে বিপিএফৰ সময়ত স্থায়ী শান্তিৰ সমাধান সূত্ৰ নাপালে কিন্তু ইউপিপিএল দলৰ অধীনত বিগত পাঁচ বছৰত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে। বড়োভূমিত যুগে যুগে বসবাস কৰা অসমীয়া জনগোষ্ঠীবোৰৰ মাজত চলা ভ্ৰাতৃঘাটি সংঘৰ্ষৰ দিন ইউপিপিএল দলৰ ৰাজনীতিয়ে বিলোপ কৰিছে। বড়োভূমিত এতিয়া সকলো সম্প্ৰদায়ে শান্তিৰে বসবাস কৰিবলৈ সক্ষম হৈছে।

বাক্সা মুছলপুৰত ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়োৰ লগতে ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম, ত্ৰিপুৰাৰ কেবিনেট মন্ত্ৰী শুক্লা চৰণ সমণ্বিতে ইউপিপিএল দলৰ নেতা-কৰ্মী উপস্থিত থাকে।

Related Articles