অসম বনভূমিৰে (Forest Encroachment) ভৰা ৰাজ্য যদিও বেদখলকাৰীয়ে এতিয়া ৰাজ্যৰ বনভূমিক এপিনৰ পৰা গ্ৰাস কৰি যোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বহু বনভূমিত এতিয়া জনবহুল গাওঁলৈ ৰূপান্তৰিত হৈছে। বনভূমিত হোৱা বেদখল উচ্ছেদ কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মাজতে প্ৰকাশ পাইছে আন এক তথ্য। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে অসম।
প্ৰতিবেদন উল্লেখ কৰা মতে অসমৰ মুঠ ৩,৬২,০৯০ হেক্টৰ (৩৬২০.৯ বৰ্গ কিলোমিটাৰ) বনভূমি বেদখলকাৰীৰ কবলত আছে। দেশৰ ভিতৰত মধ্যপ্ৰদেশে প্ৰথম স্থানত আছে, ৰাজ্যখনৰ ৫,৪৬,০৮৯.৪৫ হেক্টৰ বনভূমি বেদখল হৈছে। তৃতীয় স্থানত আছে কৰ্ণাটক, ৰাজ্যখনৰ ৮৬,৩০৮.৪৪ হেক্টৰ ভূমি বেদখলৰ কবলত আছে। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ অৱস্থা অধিক গুৰুতৰ। অৰুণাচল প্ৰদেশত ৫৩,৪৯৯.৯৬ হেক্টৰ, মিজোৰামত ২৪,৭২৩ হেক্টৰ, ত্ৰিপুৰাত ৪,২৮২ হেক্টৰ, মণিপুৰত ৩,২৭০ হেক্টৰ আৰু ছিক্কিমত ৪৬৯ হেক্টৰ বনভূমিৰ বেদখল হৈছে।২০২১ চনৰ পৰা ২০২৫ চনৰ জুলাইলৈকে ৰাজ্য চৰকাৰে মুঠ ১,১৯,৫৪৮ বিঘা ভূমি বেদখলমুক্ত কৰিছে। ইয়াৰ ভিতৰত ৮৪,৭৪৩ বিঘা সংৰক্ষিত বনাঞ্চলৰ ভূমি, ৪,৬৪৩ বিঘা ভি জি আৰ আৰু পি জি আৰৰ ভূমি, ২৬,৭১৩ বিঘা চৰকাৰী ভূমি আৰু ৪,৪৪৯ বিঘা সত্র-নামঘৰ আদিৰ ভূমি অন্তৰ্ভুক্ত। এই সময়ছোৱাত প্ৰায় ১৬০ বৰ্গ কিলোমিটাৰ ভূমি বেদখলমুক্ত কৰা হৈছে আৰু ৫০ হাজাৰ লোকক উচ্ছেদ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ মুঠ ৬৩ লাখ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ দখলত আছে।ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি বনভূমি বেদখলমুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
ইফালে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে সংসদত দাখিল কৰা তথ্য অনুসৰি, ২০১৯ চনত অসমৰ মুঠ বনভূমিৰ পৰিমাণ আছিল ২৮,৩২৭ বৰ্গ কিলোমিটাৰ। কিন্তু ২০২৩ চনত এই পৰিমাণ ২৮,৩১৩.৫৬ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে, অৰ্থাৎ তিনি বছৰত ১৩.৪৫ বৰ্গ কিলোমিটাৰ বনভূমি কমিছে। ইয়াৰ বিপৰীতে, বিহাৰ, ছট্টিশগড়, গোৱা, গুজৰাট, কেৰালা আৰু ওড়িশাৰ দৰে ৰাজ্যত বনভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। উল্লেখযোগ্যভাৱে, কেৰালাত এই সময়ছোৱাত ৯১৫.৩৬ বৰ্গ কিলোমিটাৰ বনভূমি বৃদ্ধি পাইছে।
প্ৰসংগ ক্ৰমে বনভূমিৰ হ্ৰাসৰ ফলত অসমত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত তীব্ৰ হৈ পৰিছে। বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত ৩৮৩ জন লোকৰ মৃত্যু হৈছে, আৰু গত বছৰত বাঘৰ আক্ৰমণত চাৰিজনৰ মৃত্যু হৈছে। তথ্য অনুসৰি, ২০১৯-২০ত ৭৫ জন, ২০২০-২১ত ৯১ জন, ২০২১-২২ত ৬৩ জন, ২০২২-২৩ত ৮০ জন আৰু ২০২৩-২৪ত ৭৪ জন লোক হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে।
ইফালে, বন্যপ্ৰাণীৰ ক্ষতিও উল্লেখযোগ্য। বিগত পাঁচ বছৰত ৰে’লৰ খুন্দাত ২৪টা হাতীৰ মৃত্যু হৈছে, বিদ্যুৎ প্ৰৱাহিত হৈ ৫৩টা হাতীৰ মৃত্যু হৈছে, আৰু চোৰাং চিকাৰীৰ হাতত ২০২২-২৩ত ২টা আৰু ২০২৩-২৪ত ১টা হাতী নিহত হৈছে।

