Narendra Modi Birthday: প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ৰক্তদান শিবিৰ

আজি পুৱাৰে পৰা বিলাসীপাৰা (Narendra Modi Birthday) আদৰ্শ চিকিৎসালয়খনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ এটি অনুষ্ঠিত হয়।

শিবিৰটোত প্ৰায় অৰ্ধশতাধিক যুৱকে নিজৰ তেজদান কৰি এনিমিয়া ৰোগত ভূগি থকা ৰোগীৰ হকে বহু দল সংগঠনৰ যুৱকে স্বেচ্ছামূলক ৰক্তদান কৰি সেৱা আগবঢ়ায়।

বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আয়োজন কৰা ৰক্তদান শিবিৰটো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বিলাসীপাৰা সমজিলা আয়ুক্ত ড৹ প্ৰীতিলেখা ডেকাই। এই ৰক্তদান শিবিৰটোত ধুবুৰী মেডিকেল কলেজৰ চিকিৎসক Dr.khairuz zaman, বিলাসীপাৰা মডেল হাস্পতালখনৰ চিকিৎসক মোকাদ্দেছ আলী আহমেদ, নাৰ্চ আৰু চিকিৎসাকৰ্মী সকল হাতে-কামে সহযোগীতা কৰে।

Related Articles